• Home
  • »
  • News
  • »
  • assam
  • »
  • মৰ্মান্তিক! পিতৃ-মাতৃৰ বুকু উদং কৰি চিৰদিনৰ বাবে আঁতৰি গ’ল পল্লৱ-পংখী, দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে ককায়েক-ভনীয়েকে

মৰ্মান্তিক! পিতৃ-মাতৃৰ বুকু উদং কৰি চিৰদিনৰ বাবে আঁতৰি গ’ল পল্লৱ-পংখী, দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে ককায়েক-ভনীয়েকে

ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ককায়েক-ভনীয়েক আকৌ উভতি নাহিল ঘৰলৈ

ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ককায়েক-ভনীয়েক আকৌ উভতি নাহিল ঘৰলৈ

ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ককায়েক-ভনীয়েক আকৌ উভতি নাহিল ঘৰলৈ

  • Share this:
‘মৰ্মান্তিক! ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ককায়েক-ভনীয়েক আকৌ উভতি নাহিল ঘৰলৈ, নিষ্ঠুৰ নিয়তিয়ে মাজ ৰাস্তাৰ পৰাই ৰাঢ়ি লৈ গ’ল দুয়োকে।’

নগাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বৰঘাট বাইপাছত সংঘটিত শোকাৱহ পথ দূৰ্ঘটনাত থিতাতে নিহত হ'ল এহাল ভাই-ভনী। ননৈ কুমাৰ গাঁৱৰ পৰা নগাঁও চহৰ অভিমুখে এখন বাইকত গৈ থকা পল্লৱ শইকীয়া আৰু পংখী শইকীয়াক তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন তীব্ৰ বেগী ছেণ্ট্ৰ বাহনে মহতিয়াই লৈ যায়।

দুৰ্ঘটনাত পল্লৱ শইকীয়া নামৰ যুৱক জন থিতাতে নিহত হোৱাৰ বিপৰীতে পংখী শইকীয়া নামৰ কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ছেণ্ট্ৰ বাহন খনো পথৰ কাষত বাগৰি পৰে যদিও বাহনখনৰ আৰোহী কেইজন সামান্য পৰিমাণে আহত হয়।



ভয়ংকৰ দূৰ্ঘটনাই এতিয়া কাল অমানিশা নমাই আনিছে পল্লৱ-পংখীৰ পৰিয়াললৈ। পিতৃ-মাতৃৰ বুকু উদং কৰি পল্লৱ-পংখীয়ে অকাল মৃত্যুক সাৱটি লোৱাৰ পিছতে কান্দোনৰ ৰোল উঠিছে ঘৰখনত।

প্ৰত্যক্ষদৰ্শীৰ মতে ছেণ্ট্ৰ বাহনখনে নিজৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি পিছফালৰ পৰা স্কুটীখনক মহতিয়াই নি পথৰ কাষত প্ৰচণ্ড শব্দৰে বাগৰি পৰে। দুৰ্ঘটনাৰ পিচতেই স্থানীয় লোকে পংখী শইকীয়াক জীৱিত অৱস্থাত উদ্ধাৰ কৰে যদিও প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ ফলত চিকিৎসালয়লৈ নিয়াৰ পথতে পংখীৰ মৃত্যু হয়। আনহাতে মূৰত আঘাত পোৱা পল্লৱ শইকীয়াৰ থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাৰ পিছতে সমগ্ৰ নগাঁৱত এতিয়া শোকৰ ছাঁ পৰিছে।
Published by:Himangshu Bhuyan
First published: