உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নগাঁৱৰ কামপুৰ আৰু ৰহাত শোকাৱহ ঘটনা! বাঢ়নী পানীত পৰি দুটি শিশু আৰু এগৰাকী কিশোৰীৰ কৰুণ মৃত্যু

    নগাঁৱৰ কামপুৰ আৰু ৰহাত শোকাৱহ ঘটনা! বাঢ়নী পানীত পৰি দুটি শিশু আৰু এগৰাকী কিশোৰীৰ কৰুণ মৃত্যু

    বাঢ়নী পানীত পৰি কামপুৰত শুকুৰবাৰে পুনৰ দুটি শিশুৰ মৃত্যুমুখত পৰে ৷ কঁচুৱা চানখোলাত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷

    বাঢ়নী পানীত পৰি কামপুৰত শুকুৰবাৰে পুনৰ দুটি শিশুৰ মৃত্যুমুখত পৰে ৷ কঁচুৱা চানখোলাত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷

    বাঢ়নী পানীত পৰি কামপুৰত শুকুৰবাৰে পুনৰ দুটি শিশুৰ মৃত্যুমুখত পৰে ৷ কঁচুৱা চানখোলাত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷

    • Share this:
    নগাঁও জিলাৰ কামপুৰ আৰু ৰহাত শুকুৰবাৰে সংঘটিত হয় শোকাৱহ ঘটনা।কামপুৰ আৰু ৰহা অঞ্চলৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৰ্তমানেও পানী সম্পূৰ্ণ কমা নাই। বাঢ়নী পানীৰ মাজতেই কামপুৰৰ কচুৱাৰ চানখোলা আৰু ৰহাৰ মাগুৰগাঁও দীঘলীডুৱাত সংঘটিত হৈছে কৰুণ ঘটনা।

    বাঢ়নী পানীত পৰি কামপুৰত শুকুৰবাৰে পুনৰ দুটি শিশুৰ মৃত্যুমুখত পৰে ৷ কঁচুৱা চানখোলাত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ বাঢ়নী পানীত পৰি একে গাঁৱৰে দুটি শিশুৰ মৃত্যু হয় ৷ জানিব পৰা মতে, সমনীয়াৰ লগতে খেলি থকাৰ মাজতে বাঢ়নী পানীত পৰি যায় শিশু দুটি ৷ শিশু দুটিক পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত্যু হোৱা শিশু দুটি জোনাইট আলম(৩) আৰু চাইমা খাতুন(৮)।

    উল্লেখযোগ্য যে, কামপুৰত বানত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা  বৰ্তমানলৈকে ১০ জনলৈ বৃদ্ধি পালে ৷ ইয়াৰ ভিতৰত অধিকাংশ‌ই শিশু বুলি জানিব পৰা গৈছে।

    ইফালে ৰহাৰ মাগুৰগাঁও দীঘলীডুবাত বাঢ়নী পানীত নাৱৰ পৰা পৰি এগৰাকী কিশোৰীৰ মৃত্য মুখত পৰে। মৃত কিশোৰীগৰাকীৰ নাম ফাটেমা খাতুন (১২)। কিশোৰীগৰাকীয়ে দুগৰাকী লগৰীয়াৰ সৈতে নাওঁ চলাই ওচৰৰ পৰা খোৱাপানী আনিবলৈ যাওতেই এই অঘটন সংঘটিত হয়। স্থানীয় ৰাইজে পিছত পানীৰ মাজৰ পৰা  উদ্ধাৰ কৰি কিশোৰীগৰাকীৰ মৃতদেহ। শুকুৰবাৰে দিনটোত পৃথক পৃথকৈ সংঘটিত হোৱা কৰুণ ঘটনাই উক্ত অঞ্চল সমূহত গভীৰ শোকৰ ছাঁ পেলাইছে।
    Published by:Himangshu Bhuyan
    First published: