উদ্যোগ-বানিজ্য আৰু ৰাজহুৱা প্ৰতিস্থান বিভাগৰ নগাওঁ, মৰিগাঁও আৰু হোজাই জিলা কেন্দ্ৰৰ উদ্যোগত নগাঁও চহৰৰ নেহৰুবালিত বুধবাৰৰ পৰা পাঁচ দিনীয়াকৈ "উদ্যম ২০২৩" আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এই উপলক্ষে নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত দেবযানী চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী সভাত ভাষণ প্ৰদান কৰি উদ্বোধক তথা বিধায়ক ৰূপক শৰ্মাই কয় যে "কৃষি খণ্ডৰ সামান্তৰালভাৱে উদ্যোগীকৰণৰ জৰিয়তে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব পাৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ক্ষুদ্ৰ, লঘু, মজলীয়া বৃহৎ উদ্যোগৰ জৰিয়তে ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ পথ মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনত উদ্যোগ আৰু কৃষি ক্ষেত্ৰৰ জৰিয়তে আত্মনীৰ্ভৰশীল হোৱাৰ পৰিৱেশ গঢ় লৈ উঠিছে যদিও আমাৰ বহু নিবনুৱা যুৱক-যুৱতী এই ক্ষেত্ৰত আগবাঢ়ি নাহে।" ভাষণ প্ৰসংগত তেওঁ অসমত উৎপাদিত বিভিন্ন কৃষি জাত সামগ্ৰী দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশতো বিক্ৰী হৈ থকাৰ কথা উল্লেখ কৰে। লগতে তেওঁ নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক আত্ম নিৰ্ভৰশীল হ'বলৈ আহবান জনায়।
উদ্যোগ বিভাগৰ আয়ুক্তৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমাঙ্গ দীপ দাস, নগাঁও, মৰিগাঁও আৰু হোজাই জিলা উদ্যোগ বিভাগৰ বিষয়া অৰূপ ভৰালী, মঞ্জু গগৈ আৰু জয়ন্ত পাটোৱাৰী আদিয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ আঁত ধৰে কৰিশ্মা পাটোৱাৰীয়ে। ইয়াৰ পিছতে বিধায়ক ৰূপক শৰ্মাই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে। অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য আৰু আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত বুধবাৰৰ পৰা নগাঁৱত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগত উৎপাদিত বিভিন্ন সামগ্ৰীৰ বিক্ৰী আৰু প্ৰদৰ্শনী । মধ্য অসমৰ বিভিন্ন উদ্যোগীয়ে ইয়াত অংশ গ্ৰহণ কৰিছে । নগাঁও চহৰৰ নেহৰুবালিত অনুষ্ঠিত হোৱা এই বিশেষ প্ৰদৰ্শনীৰ সৈতে সংগতি ৰাখি প্ৰশিক্ষণ শিবিৰ আৰু আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে । ১৯ ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া এই প্ৰদৰ্শনীখনৰ জৰিয়তে থলুৱা উদ্যোগীসকল লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : February 16, 2023, 00:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।