உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আলফা শূণ্য নগাঁও পুনৰ হ'ব নেকি আলফাৰ ঘাটি? নগাঁৱৰ ৩ যুৱকে আলফাত যোগদানৰ খবৰে চিন্তাত পেলাইছে আৰক্ষীক

    আলফা শূণ্য নগাঁও পুনৰ হ'ব নেকি আলফাৰ ঘাটি? নগাঁৱৰ ৩ যুৱকে আলফাত যোগদানৰ খবৰে চিন্তাত পেলাইছে আৰক্ষীক

    অসম আৰক্ষীৰ বিশেষ শাখাই নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা যুৱকৰ সন্ধানতো আৰম্ভ কৰিছে অভিযান।

    অসম আৰক্ষীৰ বিশেষ শাখাই নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা যুৱকৰ সন্ধানতো আৰম্ভ কৰিছে অভিযান।

    অসম আৰক্ষীৰ বিশেষ শাখাই নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা যুৱকৰ সন্ধানতো আৰম্ভ কৰিছে অভিযান।

    • Share this:
    আলফা শূণ্য জিলা হিচাপে বিবেচিত নগাঁৱত পুনৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ বাবে যো-জা চলাইছে আলফাই। শেহতীয়াকৈ নগাঁও জিলাৰ কামপুৰৰ ৩জনকৈ যুৱক আলফা (স্বাধীন)ৰ ম্যানমাৰস্থিত শিবিৰত উপস্থিত হোৱাৰ পিছতে এই কথা নিশ্চিত হৈ পৰিছে।

    কামপুৰৰ তন্ময় বৰা, দিগন্ত গোৱালা আৰু সুভাষ হীৰা নামৰ ৩জন যুৱকে ইতিমধ্যে আলফাৰ ম্যানমাৰস্থিত শিবিৰত প্ৰশিক্ষণ গ্ৰহণৰ বাবে উপস্থিত হোৱাৰ কথা চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰাৰ পিছতে নগাঁও আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে।

    অসম আৰক্ষীৰ বিশেষ শাখাই নগাঁৱৰ পৰা নিৰুদ্দেশ হোৱা যুৱকৰ সন্ধানতো আৰম্ভ কৰিছে অভিযান। আৰক্ষীৰ সন্দেহ গোপনে নগাঁৱত আলফাই চলাই আছে সদস্যভৰ্তি অভিযান।

    উল্লেখযোগ্য যে, ২০০১চনলৈকে আলফাৰ ঘাটি হিচাপে পৰিচিত নগাঁও বিগত প্ৰায় ২০বছৰ আলফাশূণ্য জিলা হিচাপে বিবেচিত হৈছিল। পূৰ্বে নগাঁৱত আলফাৰ সাংগঠনিক স্থিতি অতিশয় শক্তিশালী আছিল। কিন্তু ১৯৯৭ চনৰ পিছৰে পৰা সেনা-আৰক্ষীৰ অভিযানত বহু আলফাৰ সদস্য নিহত হোৱাৰ লগতে গ্ৰেপ্তাৰ হৈছিল বহু দুধৰ্ষ আলফাৰ নেতা।

    ইয়াৰ পিছতে ভূটানত আলফাৰ বিৰুদ্ধে হোৱা অপাৰেচন অল-ক্লিয়াৰতো প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ কেইবাগৰাকীও যুৱকে। ২০০১ চনত নগাঁৱত আলফাৰ বহু যুৱকে আত্মসমৰ্পন কৰাৰ পিছতে জিলাখনত সংগঠনটোৰ স্থিতি দুৰ্বল হৈ পৰিছিল। কিন্তু এতিয়া পুনৰ নগাঁৱৰ ৩ যুৱকে আলফাত যোগদান কৰাৰ খবৰে চিন্তিত কৰি তুলিছে আৰক্ষীক। পুনৰ আলফাশূণ্য নগাঁৱত সংগঠনটোৰ স্থিতি শক্তিশালী কৰাৰ বাবে আলফা(স্বাধীন)ৰ নেতৃত্বই চলোৱা চেষ্টাই চিন্তিত কৰি তুলিছে জিলাখনৰ সাধাৰণ ৰাইজকো।
    Published by:Himangshu Bhuyan
    First published: