মোক মিছা অভিযোগত চৰকাৰে ৬ মাহৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰিছিল। কিন্তু সেই সময়ত মই মানসিকভাৱে ভাগি পৰা নাছিলো। মোৰ পৰিয়াল আৰু শুভাকাংক্ষীৰ আশীৰ্বাদে মোক সাহস দিছিল সকলো ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজি যোৱাৰ। সেয়ে এই সময়ছোৱাত আন চিন্তা বাদ দি মই ব্যস্ত হৈছিলো বাঁহৰ দ্বাৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাত। এতিয়া মই নিৰ্মাণ কৰা সামগ্ৰীৰে মহাবিদ্যালয়ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ উপৰিও আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো কুটীৰ শিল্পৰ প্ৰশিক্ষণ দিয়াৰ বাবে চেষ্টা কৰিম।- এই মন্তব্য নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ।
উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰে এগৰাকী ঠিকাভিত্তিক শিক্ষয়ত্ৰীৰ অভিযোগৰ ভিত্তিত ১ এপ্ৰিলত নিলম্বন কৰা হৈছিল ড° ভাগৱতীক। পিছে শিক্ষয়ত্ৰী গৰাকীয়ে উপযুক্ত সাক্ষ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে যোৱা ৩১ অক্টোবৰত পুনৰ চৰকাৰে নিলম্বন প্ৰত্যাহাৰ কৰে। এই সময়ছোৱাত ভাগৱতীয়ে মানসিকভাৱে ভাগি পৰাৰ সলনি কুটীৰ শিল্প চৰ্চাত নিজকে আত্মনিয়োগ কৰে।
পুৰণিগুদামৰ ভেৰভেৰীৰ নিজা বাসগৃহত ড° ভাগৱতীয়ে বাঁহৰ নাও, চিংফৌ আৰ্হিৰ ঘৰ, নগা ঘৰ, চাং ঘৰ, ভাৰতীয় নৌ সেনাৰ আৰ্হিৰ নাও আদিৰ লগতে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰে। আনকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিয়াৰ বাবেও সাজি উলিয়াইছে এখন সুন্দৰ নাও।
অধ্যক্ষগৰাকীয়ে বৰ্তমান কুটীৰ শিল্পৰ জৰিয়তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে উপদেশ দিয়াৰ লগতে শীঘ্ৰেই মহাবিদ্যালয়খনত কুটীৰ শিল্পৰ কৰ্মশালা অনুস্থিত কৰাৰো পৰিকল্পনা কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|