• Home
  • »
  • News
  • »
  • assam
  • »
  • NAGAON : সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ এজাক কণমানিয়ে

NAGAON : সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ এজাক কণমানিয়ে

নগাঁৱত কণ কণ শিশুৱে প্ৰদৰ্শন কৰিলে দধিচী মুনীৰ ত্যাগ আৰু বৃত্তাসুৰ বধ

নগাঁৱত কণ কণ শিশুৱে প্ৰদৰ্শন কৰিলে দধিচী মুনীৰ ত্যাগ আৰু বৃত্তাসুৰ বধ

নগাঁৱত কণ কণ শিশুৱে প্ৰদৰ্শন কৰিলে দধিচী মুনীৰ ত্যাগ আৰু বৃত্তাসুৰ বধ

  • Share this:

মহাপুৰুষৰ জন্ম জিলা নগাঁও চহৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ একাংশ  ছাত্ৰ-ছাত্রীয়ে কালি নিশা বিদ্যালয়খনৰ চৌহদত মঞ্চস্হ কৰা এখন অসমীয়া ভাওনাই বহু দৰ্শকক মুগ্ধ কৰে। চহৰখনৰ পানীগাঁও ছয়আলিস্থিত ১৯৮নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্রীসকলে কালি নিশা বিদ্যালয়খনৰ চৌহদত  মঞ্চস্থ কৰিলে ''দধীচী মুনিৰ দেহত্যাগ ও বৃত্তাসুৰ বধ" নামৰ অসমীয়া ভাওনাখন। বিদ্যালয়খনত অধ্যয়নৰত হিন্দু- মুছলমান উভয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্রীয়ে মিলি মঞ্চস্থ কৰা নাটখনে গুৰুজনাৰ কৃষ্টি-সংস্কৃতিক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ সমান্তৰালকৈ গুৰুজনাই দেখুৱাই যোৱা সমন্বয়ৰ নিদৰ্শন দাঙি ধৰাৰ প্ৰয়াস কৰে।


বিদ্যালয়খনৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাৰ প্ৰচেষ্টা আৰু শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্রী তথা অভিভাৱকসকলৰ সহযোগিতাত কালি নিশা মঞ্চস্থ হোৱা ভাওনাখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। অসমীয়া ভাওনাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ উপেন্দ্ৰ বৰকটকীয়ে। সাহিত্যিক বৰকটকীয়ে ১৯৮নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ কয় যে পুথিগত শিক্ষাই আচল শিক্ষা নহয়। জাতীয়student জীৱনৰ লগত সম্পর্ক ঘটাই দিবৰ বাবে আমাৰ যি গীত, বাদ্য, নৃত্য, ভাওনা এই সকলোবিলাকৰ শিক্ষা দিয়াটো আমাৰ সকলোৰে পৰম কৰ্তব্য।


উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ননৈ মুৰাৰী সত্ৰৰ সত্ৰাধিকাৰ ড০ ধৰ্মেশ্বৰ গোস্বামীয়ে ভাৰতীয় নাট্যশাস্ত্ৰৰ বিষয়ে উল্লেখ কৰি কয় যে সংস্কৃতিয়েই আমাৰ জীৱন। সংস্কৃতিৰ জৰিয়তে জীৱনটো সুন্দৰকৈ উপভোগ কৰিব পাৰি। সমাজৰ অসূয়া-অশান্তি মষিমূৰ কৰাৰ একমাত্ৰ সম্বল হৈছে সংস্কৃতি। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক  জিতেন বৰকটকীয়ে অংশগ্ৰহণ কৰে।


উল্লেখ্য যে ১৮৯৫ চনত স্থাপিত ১৯৮নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ আৰম্ভণিৰ পাঠদান পানীগাঁও নামঘৰত হৈছিল। ১২৮ বছৰীয়া শৈক্ষিক ইতিহাস বহন কৰি অহা প্ৰাথমিক বিদ্যালয়খনে বিগত তিনিটা গুণোৎসৱত 'এ+' গ্ৰেড লাভ কৰিবলৈ সক্ষম হয়।"দধীচী মুনিৰ দেহত্যাগ ও বৃত্তাসুৰ বধ"  ভাওনাখনত বিভিন্ন ভাৱত অভিনয় কৰা  বিদ্যালয়খনৰ  ছাত্ৰ-ছাত্রীসকল হৈছে ক্ৰমে চন্দ্ৰামিতা বৰা( শ্ৰীকৃষ্ণ), কস্ত্তৰী বৰা(লক্ষী), হিমাশ্ৰী কলিতা(ইন্দ্ৰ), পাৰ্থজিৎ গগৈ( কাৰ্তিক), জুবিন ফাৰহিন( সূৰ্য ),গীতাৰ্থ কাশ্যপ(চন্দ্ৰ), পাহি বৰা (জয়ন্ত), নয়ন শইকীয়া (অগ্নি), বৰ্ণিল হাজৰিকা (বৰুণ), অংকিতা কোঁৱৰ (যমৰজা), চাহনাৱাজ ইছলাম( বৃহস্পতি), কৃষ্টি শইকীয়া (বৃত্তাসুৰ), স্মৃতিৰেখা বৰা (ৰুদ্ৰাসুৰ), লুইত বৰা (ব্ৰজাসুৰ), প্ৰিয়াংশু সন্দিকৈ (কালসুৰ), অভিজিৎ বৰা (পলম্বাসুৰ), তনয় দে' (ব্ৰহ্মা), জাগৃতি জ্ঞানম (দধীচী মুনি), দেৱাশ্ৰী কলিতা (নাৰদ),মহম্মদ নাচিৰউদ্দিন(বিশ্বকৰ্মা),সীমাশ্ৰী দাস(শচী), নমিতা দাস ( উৰ্বশী) আৰু দেৱোৎপল দাস (দূত)।


আনহাতে বিদ্যালয়খনৰ সহঃ শিক্ষয়িত্ৰী কাশ্মীৰী দাসে সূত্ৰধাৰী ৰূপে অসমীয়া ভাওনাখনৰ সূত্ৰ ধৰে। নাটখন পৰিচালনা কৰে প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰা আৰু প্ৰাক্তন ছাত্র হীৰকজ্যোতি বৰই। বিভিন্ন বাদ্যত অংশগ্ৰহণ কৰা শিল্পীসকল হৈছে নাৰায়ণ মহন্ত, কৌশিক বৰা, মানসপ্ৰতিম দাস আৰু নৱজ্যোতি বৰা। নেপথ্যৰ গায়িকা হিচাপে থাকে অনামিকা বিশ্বাস। আনহাতে তিনিগৰাকী বিচাৰকৰ ৰায় অনুসৰি ভাওনাখনত অভিনয় কৰা শিল্পীসকলৰ ভিতৰত কৃষ্টি শইকীয়াই প্ৰথম স্থান,  হিমাশ্ৰী কলিতাই দ্বিতীয় স্থান আৰু স্মৃতিৰেখা বৰাই তৃতীয় স্থান লাভ কৰে। ইয়াৰ উপৰি জুবিন ফাৰহিন আৰু দেৱোৎপল দাসে নিচুকনি বঁটা লাভ কৰে। ভাওনাখন সফল কৰি তোলাৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ বৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি