• Home
  • »
  • News
  • »
  • assam
  • »
  • যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা নগাঁৱৰ বাসগৃহত উপস্থিত নয়নজ্যোতি দাস, ১৫ ঘণ্টা খোজ কাঢ়ি অতিক্ৰম কৰিছিল ইউক্ৰেইন সীমান্ত

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা নগাঁৱৰ বাসগৃহত উপস্থিত নয়নজ্যোতি দাস, ১৫ ঘণ্টা খোজ কাঢ়ি অতিক্ৰম কৰিছিল ইউক্ৰেইন সীমান্ত

দিনে–নিশাই গুলী–বাৰুদৰ শব্দৰ মাজত বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছিল নয়ন আৰু তেওঁৰ সহযোগীয়ে।

দিনে–নিশাই গুলী–বাৰুদৰ শব্দৰ মাজত বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছিল নয়ন আৰু তেওঁৰ সহযোগীয়ে।

দিনে–নিশাই গুলী–বাৰুদৰ শব্দৰ মাজত বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছিল নয়ন আৰু তেওঁৰ সহযোগীয়ে।

  • Share this:
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা নগাঁৱৰ বাসগৃহত উপস্থিত হ'ল চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নয়নজ্যোতি দাস। কিভ চহৰত শিক্ষাগ্ৰহণ কৰি আছিল নয়নে। বাছেৰে শ্লোভাকিয়া সীমান্তলৈ আহি প্ৰায় ১৫ কিলোমিটাৰ খোজকাঢ়ি ইউক্ৰেইনৰ সীমা অতিক্ৰম কৰিছিল নয়নৰ লগতে বহু ছাত্ৰই।

দিনে–নিশাই গুলী–বাৰুদৰ শব্দৰ মাজত বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছিল নয়ন আৰু তেওঁৰ সহযোগীয়ে। বৰ্তমানেও বহু ভাৰতীয় তথা অসমৰ ছাত্ৰ–ছাত্ৰী ইউক্ৰেইনত আবদ্ধ হৈ আছে বুলি মন্তব্য কৰে নয়নে।

বহু ছাত্ৰ–ছাত্ৰীয়ে খাদ্য সংকটত পৰিছে আৰু খাবলৈ পানীৰো অভাৱ হোৱাৰ কথা প্ৰকাশ কৰিছে নয়নজ্যোতি দাসে। ভাৰতীয় দূতাবাসৰ পৰাও শিক্ষাৰ্থীসকলে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে নয়ন জ্যোতি দাসে।
Published by:Sanjay Kumar Das
First published: