ভুৱা প্ৰশ্নকাকত ফাদিল কৰা ছাত্ৰক আটক নগাঁও আৰক্ষীৰ। নগাঁও আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক। ভুগোলৰ ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰিছিল অভিযুক্তজনে। ননৈ পোটনি গাঁৱৰ পৰা আটক কৰিছে অভিযুক্তক। অভিযুক্তজন এগৰাকী মেট্ৰিকৰ পৰীক্ষাৰ্থী।
২২৫জনীয়া WhatsApp গ্ৰুপ খুলি অভিযুক্তজনে ভাইৰেল কৰিছিল ভুৱা প্ৰশ্নকাকত। নগাঁৱৰ দলংঘাটৰ দুই ছাত্ৰীকো দিছিল ভূগোলৰ ভুৱা প্ৰশ্নকাকত।
ইতিমধ্যে অভিযুক্ত ছাত্ৰজনৰ বিৰুদ্ধে নগাঁৱৰ বিদ্যালয় পৰিদৰ্শকে দাখিল কৰিছে এজাহাৰ। নগাঁও সদৰ থানাত এজাহাৰ দাখিল বিদ্যালয় পৰিদৰ্শকৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 18, 2023, 23:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।