দশম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু! নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ শিক্ষকক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:February 26, 2020, 2:22 PM IST
দশম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু! নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ শিক্ষকক গ্ৰেপ্তাৰ
ঘটনাৰ পিছতে পলায়ণ কৰিছিল বিদ্যালয়খনৰ সচিব মুনীন্দ্ৰ শইকীয়াই। বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই সচিব মুনীন্দ্ৰ শইকীয়াক।

ঘটনাৰ পিছতে পলায়ণ কৰিছিল বিদ্যালয়খনৰ সচিব মুনীন্দ্ৰ শইকীয়াই। বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই সচিব মুনীন্দ্ৰ শইকীয়াক।

  • Share this:
যোৱা ১৫ ফেব্ৰুৱাৰীত নৱৰূপ জাতীয় বিদ্যাপীঠৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই ৰহস্যজনকভাৱে মৃত্যুক সাবটি লোৱা ঘটনাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিমান কেওট নামৰ এজন শিক্ষকক। উল্লেখযোগ্য যে মৃত্যুৰ পূৰ্বে সামান্য কথাতে দিগন্ত নামৰ ছাত্ৰজনক শাৰীৰিক আৰু মানসিক শাস্তি দিয়াৰ অভিযোগ উঠিছিল। মৃত দিগন্তৰ পৰিয়ালে এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি এজাহাৰো দাখিল কৰিছিল। ঘটনাৰ পিছতে পলায়ণ কৰিছিল বিদ্যালয়খনৰ সচিব মুনীন্দ্ৰ শইকীয়াই। বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই সচিব মুনীন্দ্ৰ শইকীয়াক।

শনিবাৰৰ দিনা মুনীন্দ্ৰ শইকীয়াই দিগন্তক এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি বেয়াকৈ প্ৰহাৰ কৰাৰ কথা জনাইছিল দিগন্তৰ সহপাঠীয়ে। কেৱল প্ৰহাৰেই নহয় তাৰ পিছত বহুসময় ধৰি বিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত আঁঠু কঢ়াই থৈ শাস্তি বিহিছিল। ইয়াৰ পিছতে দিগন্তৰ নিঠৰ দেহ উদ্ধাৰ হৈছিল।

আনহাতে দিগন্তক প্ৰহাৰ কৰা আনগৰাকী শিক্ষক বিমান কেওটক মঙলবাৰে ইটাচালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰাথমিক জেৰাৰ অন্তত জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে। আনহাতে মেধাৱী ছাত্ৰ দিগন্ত বৰাৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি ব্যাপক প্ৰতিবাদ স্যবস্ত কৰিছিল উৰিয়াগাঁও বাসীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি