ভূগোল বিষয়ৰ ভুৱা প্ৰশ্নকাকত বিয়পোৱা চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও আৰক্ষী। আজি নগাঁও আৰক্ষীয়ে ফৌজদাৰীপট্টি কাঠমিল চাৰিআলিৰ উত্তৰণ একাডেমীৰ এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক আটক কৰাৰ পিছতে নগাঁও আৰক্ষী অধীক্ষকে এক সংবাদমেলৰ আয়োজন কৰে।
আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি, 'Protest for HSLC Sibasagar' নামৰ হোৱাটছআপ গ্ৰুপৰ জৰিয়তে ভাইৰেল হৈছিল ভূগোলৰ ভুৱা প্ৰশ্নকাকত। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি আটকাধীন নাবালকগৰাকীয়ে গ্ৰুপটোত পুৱা প্ৰশ্নকাকত খন বিয়পাইছিল। কিন্তু কোনে এই প্ৰশ্নকাকতখন ভাইৰেল কৰিছিল সেই বিষয়ে আৰক্ষী এতিয়াও নিশ্চিত হোৱা নাই।
আৰক্ষীয়ে গ্ৰুপটোৰ ৮জন এডমিনকো এই সন্দৰ্ভত আটক কৰি জেৰা চলাব। উল্লেখযোগ্য যে, নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথৰ অভিযোগৰ ভিত্তিত উত্তৰণ একাডেমীৰ ছাত্ৰ গৰাকীক ননৈ পোটনি গাঁৱৰ পৰা আটক কৰা হৈছিল।
Published by: Subham Goswami
FIRST PUBLISHED : March 19, 2023, 02:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।