এই সংবাদমেলতে আৰক্ষী অধীক্ষকগৰাকীৰ সন্মুখত বটদ্ৰৱা থানাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙৰ নিষ্ক্ৰীয় ভুমিকাৰ ওপৰত প্ৰশ্ন কৰে সাংবাদিকে।
এই সংবাদমেলতে আৰক্ষী অধীক্ষকগৰাকীৰ সন্মুখত বটদ্ৰৱা থানাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙৰ নিষ্ক্ৰীয় ভুমিকাৰ ওপৰত প্ৰশ্ন কৰে সাংবাদিকে।
বটদ্ৰৱাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত সোমবাৰে সংবাদমেল সম্বোধন কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই। ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে ৬জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। সেইদৰে নিৰ্দোষী ১২জন লোকক সোধপোচৰ অন্তত মুকলি কৰি দিয়া হয়।
ইফালে এই সংবাদমেলতে আৰক্ষী অধীক্ষকগৰাকীৰ সন্মুখত বটদ্ৰৱা থানাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙৰ নিষ্ক্ৰীয় ভুমিকাৰ ওপৰত প্ৰশ্ন কৰে সাংবাদিকে।ভাৰপ্ৰাপ্ত বিষয়াই পলমকৈ অৱগত কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ কথা জনালে আৰক্ষী অধীক্ষকে।
অভিযুক্ত মজিদা খাতুন, ছাদ্দাম আলী এতিয়াও পলাতক অৱস্থাত আছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। বৰ্তমান আৰক্ষীয়ে জোৰদাৰ গতিত অভিযান অব্যাহত ৰাখিছে। শীঘ্ৰে ঘটনাত জড়িত থকা আটাইকেইজন অভিযুক্ত আৰক্ষীৰ জালত পৰিব বুলি স্পষ্ট মত প্ৰকাশ কৰে লীনা দলেই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|