আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই।
আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই।
‘বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ সম্পূৰ্ণ পৰিকল্পিত আছিল। কুখ্যাত অপৰাধীয়ে সম্পূৰ্ণ পৰিকল্পিতভাৱে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল। ছফিকুলৰ মৃত্যুৰ সুযোগ গ্ৰহণ কৰিছিল কুখ্যাত অপৰাধীয়ে।’ - আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই।
নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত কয়, "বটদ্ৰৱাত বহু লোকে ভুৱা মাটিৰ পট্টাৰে ঘৰ সাঁজি আছিল। সেই লোকসকলৰ ওপৰতো শীঘ্ৰেই ব্যৱস্থা লোৱা হ'ব। বটদ্ৰৱাৰ বহু ড্ৰাগছ মাফিয়া আৰু অপৰাধীৰ তথ্য বটদ্ৰৱা আৰক্ষী থানাত মজুত আছিল। সেই তথ্যসমূহ ধ্বংস কৰাৰ বাবেই বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ কৰা হৈছিল। এই ঘটনাৰ আঁৰত জেহাদীৰ লিংক বিচাৰিও ইতিমধ্যে বঙাইগাঁও আৰু বৰপেটা আৰক্ষীৰ লগত যোগাযোগ কৰা হৈছে। তেঁওলোকৰ মোবাইল নম্বৰ সমূহো পৰীক্ষা কৰা হৈছে।"
আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয়, "বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণ কৰা যিসকল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক ড্ৰাগছ সৰবৰাহ কৰা, ডকাইতিত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে। বৰ্তমানলৈকে আমি ৭জনক গ্ৰেপ্তাৰ কৰিছো।"
আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, "আমি কোনো নিৰ্দোষী লোকক হাৰাশাস্তি কৰা নাই। আটক কৰা ১৪গৰাকী লোকক আমি প্ৰমাণ নোপোৱাৰ বাবে মুকলি কৰি দিছো।"
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|