অডিঅ' ৰেকৰ্ডিঙক প্ৰমাণ হিচাপে ধৰিব পৰা নাযায়ঃ নগাওঁ আৰক্ষী অধীক্ষক
অডিঅ' ৰেকৰ্ডিঙক প্ৰমাণ হিচাপে ধৰিব পৰা নাযায়ঃ নগাওঁ আৰক্ষী অধীক্ষক
৪ মে'ত নগাঁও আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা মাজুলীৰ যুৱক ৰাণা প'গাগৰ সৈতে নগাঁৱৰ মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাও জড়িত বুলি মাজুলীৰ ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰা নামৰ দুগৰাকী ঠিকাদাৰে তোলা অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে।
নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "প্ৰমাণ পালে জোনমণি ৰাভাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আমি সাঁজু। আৰক্ষী বিষয়া হ'ল বুলিয়ে কাকো ৰেহাই দিয়া ন'হব। কিন্তু বৰ্তমানলৈকে আমি কোনো অভিযোগ পোৱা নাই আৰু অডিঅ' ৰেকৰ্ডিঙক প্ৰমাণ হিচাপে আদালতে গণ্য নকৰে। তথাপিও মাজুলী আৰক্ষীক আমি পূৰ্ণ ৰূপত সহযোগ কৰিম।"
আনহাতে আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে মাজুলীৰ অভিযোগকাৰী সকলকো নগাঁও আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|