নগাঁও আৰক্ষীৰ বহু বিষয়া-জোৱানৰ দেহত কোৰোণাৰ সংক্ৰমণ।
নগাঁও আৰক্ষীৰ বহু বিষয়া-জোৱানৰ দেহত কোৰোণাৰ সংক্ৰমণ।
অৱশেষত ক'ভিডত আক্ৰান্ত হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। মাঘ বিহুৰ পুৱাই নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীৰ দেহত ধৰা পৰিল কোৰোণাৰ সংক্ৰমণ। উল্লেখযোগ্য যে, দুলীয়াজানৰ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত বহু আৰক্ষী অধীক্ষকৰ দেহত ক'ভিডৰ সংক্ৰমণ পোৱা গৈছিল যদিও সেই সময়ত ক'ভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিছিল আৰক্ষী অধীক্ষকগৰাকী।
মাত্ৰ দুদিন পূৰ্বে আৰটিপিচিআৰ টেষ্টত ক'ভিড নিগেটিভ বুলি ফলাফল লাভ কৰিছিল। কিন্তু মাঘ বিহুৰ পুৱাই পুনৰ আনন্দ মিশ্ৰ ক'ভিড পজিটিভ বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে। আনহাতে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা) নিৰুপম হাজৰিকাও ক'ভিডত আক্ৰান্ত হৈছে।
লগতে নগাঁও আৰক্ষীৰ কেইবাগৰাকীও বিষয়া তথা জোৱানৰ দেহত ধৰা পৰিছে কোৰোণাৰ সংক্ৰমণ। বৰ্তমান দুয়োকে হোম আইচ'লেচনত ৰখা হৈছে। অৱশ্যে হোম আইচ'লেচনত থকা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|