உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Nagaon Firing : কোনে গুলীচালনা কৰিছিল নগাঁৱত? বাইকত অহা অস্ত্ৰধাৰী যুৱক কোন আছিল? কি ক'লে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই?

    Nagaon Firing : কোনে গুলীচালনা কৰিছিল নগাঁৱত? বাইকত অহা অস্ত্ৰধাৰী যুৱক কোন আছিল? কি ক'লে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই?

    খুটিকটীয়াৰ ৰেডিঅ' চেণ্টাৰৰ সমীপত এখন ছুইফট ডিজায়াৰ বাহনত ৪জনীয়া ড্ৰাগছ পেডলাৰৰ এটা দল ৰৈ থকাৰ খবৰ লাভ কৰে আৰক্ষীৰ ড্ৰাগছ বিৰোধী স্কোৱাডে।

    খুটিকটীয়াৰ ৰেডিঅ' চেণ্টাৰৰ সমীপত এখন ছুইফট ডিজায়াৰ বাহনত ৪জনীয়া ড্ৰাগছ পেডলাৰৰ এটা দল ৰৈ থকাৰ খবৰ লাভ কৰে আৰক্ষীৰ ড্ৰাগছ বিৰোধী স্কোৱাডে।

    খুটিকটীয়াৰ ৰেডিঅ' চেণ্টাৰৰ সমীপত এখন ছুইফট ডিজায়াৰ বাহনত ৪জনীয়া ড্ৰাগছ পেডলাৰৰ এটা দল ৰৈ থকাৰ খবৰ লাভ কৰে আৰক্ষীৰ ড্ৰাগছ বিৰোধী স্কোৱাডে।

    • Share this:
    নগাঁৱৰ খুটিকটীয়াত আজি বিয়লি প্ৰায় ৪ বাজি ৩০ মিনিটত এখন ছুইফট ডিজায়াৰ বাহনলৈ লক্ষ্য কৰি দুই অচিনাক্ত যুৱকে গুলীচালনা কৰা ঘটনাক লৈ সমগ্ৰ চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। অৱশ্যে পৰৱৰ্তী সময়ত সেয়া আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান বুলি নগাঁও আৰক্ষীয়ে অৱগত কৰিছে।

    জানিব পৰা মতে, খুটিকটীয়াৰ ৰেডিঅ' চেণ্টাৰৰ সমীপত এখন ছুইফট ডিজায়াৰ বাহনত ৪জনীয়া ড্ৰাগছ পেডলাৰৰ এটা দল ৰৈ থকাৰ খবৰ লাভ কৰে আৰক্ষীৰ ড্ৰাগছ বিৰোধী স্কোৱাডে। এই খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদিৱ কুমবাঙে মটৰ চাইকেলেৰে গৈ সেই স্থানত উপস্থিত হয়। আৰক্ষী বিষয়াগৰাকীয়ে ৪জনীয়া দলটোক গাড়ীৰ পৰা নামি আহিবলৈ নিৰ্দেশ দিয়ে। কিন্তু ড্ৰাগছ পেডলাৰৰ দলটোৱে বাহনখনৰ পৰা নামি অহাৰ পৰিৱৰ্তে সেই স্থানৰ পৰা পলায়ন কৰে।

    লগে লগে উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে দলটোলৈ লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰে। ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোৱে সেই স্থানৰ পৰা বেবেজীয়াৰ দিশলৈ পলায়ন কৰে। ইতিমধ্যে নগাঁও আৰক্ষীৰ এটা দলে ছুইফট ডিজায়াৰ গাড়ীখনৰ সন্ধানত অভিযান চলাইছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: