உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ড্ৰাগছৰ ঘাটিত আনন্দ মিশ্ৰ বাহিনীৰ অভিযান, ১৮লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰসহ আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া ছহিদুল  ইছলাম

    ড্ৰাগছৰ ঘাটিত আনন্দ মিশ্ৰ বাহিনীৰ অভিযান, ১৮লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰসহ আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া ছহিদুল  ইছলাম

    সাধাৰণ লোকৰ বেশত অভিযান চলাইছিল আনন্দ মিশ্ৰই।

    সাধাৰণ লোকৰ বেশত অভিযান চলাইছিল আনন্দ মিশ্ৰই।

    সাধাৰণ লোকৰ বেশত অভিযান চলাইছিল আনন্দ মিশ্ৰই।

    • Share this:
    ড্ৰাগছ বিৰোধী অভিযানত নগাঁও আৰক্ষীয়ে পুনৰ লাভ কৰিছে বৃহৎ সফলতা। নগাঁৱৰ জুৰীয়াত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে দুধৰ্ষ ড্ৰাগছ মাফিয়া ছহিদুল ইছলাম।

    জুৰীয়াৰ জুকাটি বজাৰত হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীক লগত লৈ আনন্দ মিশ্ৰই সাধাৰণ লোকৰ বেশত অভিযান চলাইছিল। জানিব পৰা মতে, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু উপ-পৰিদৰ্শক তৰংগ পাটোৱাৰীয়ে সাধাৰণ লোকৰ বেশত জুকাটি বজাৰত অভিযান চলাইছিল। কাৰণ, অতি চতুৰ অপৰাধী ছহিদুল ইছলামে অঞ্চলটোত আৰক্ষীৰ দল উপস্থিত হোৱাৰ কথা উমান পালেই পলাই পত্ৰং দিছিল। সেয়ে এইবাৰ অসামৰিক পোছাকত সাধাৰণ লোকৰ বেশৰ অভিযান চলাই দুধৰ্ষ ড্ৰাগছ মাফিয়াটোক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে।

    আৰক্ষীয়ে ছহিদুলৰ পৰা প্ৰায় ১৮লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰ জব্দ কৰে। পূৰ্বে বহু ডকাইটিত জড়িত ছহিদুলে বৰ্তমান ডিমাপুৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহ কৰি মধ্য অসমৰ ড্ৰাগছৰ এক বৃহৎ বজাৰ গঢ়ি তুলিছিল। বৰ্তমান নগাঁও আৰক্ষীয়ে ছহিদুলক জেৰা অব্যাহত ৰাখিছে।
    Published by:Himangshu Bhuyan
    First published: