বৰ্তমানেও পলাতক অৱস্থাত থকা ৰজিকুল আমিনে দীৰ্ঘদিন ধৰি বৰঘাট আৰক্ষী চকীৰ গাড়ীচালক হিচাপে কৰ্মৰত হৈ আছিল।
বৰ্তমানেও পলাতক অৱস্থাত থকা ৰজিকুল আমিনে দীৰ্ঘদিন ধৰি বৰঘাট আৰক্ষী চকীৰ গাড়ীচালক হিচাপে কৰ্মৰত হৈ আছিল।
গো-মাফিয়াক সহায় কৰি ৰঙাঘৰলৈ গ'ল খোদ আৰক্ষীৰ জোৱান। নগাঁৱৰ (Nagaon) বৰঘাট আৰক্ষী চকীত কৰ্মৰত পংকজ গায়নক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (Anand Mishra)। শনিবাৰে পুৱা আৰক্ষীয়ে (Nagaon Police) গ্ৰেপ্তাৰ কৰা কুখ্যাত ডকাইত তথা গো-মাফিয়া মোস্তাফা আহমেদৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰঘাট আৰক্ষীৰ কনিষ্টবল পংকজ কাকতিক। ইপিনে চোৰাং গৰু ছিণ্ডিকেটৰ (Cow Smuggling) লগত জড়িত অপৰাধী চক্ৰক সহায় কৰি অহা বৰঘাট আৰক্ষীৰ গাড়ীচালক তথা গৃহৰক্ষীৰ জোৱান ৰজিকুল আমিনক বিচাৰি নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। বৰ্তমানেও পলাতক অৱস্থাত থকা ৰজিকুল আমিনে দীৰ্ঘদিন ধৰি বৰঘাট আৰক্ষী চকীৰ গাড়ীচালক হিচাপে কৰ্মৰত হৈ আছিল। ৰজিকুলৰ সু-সম্পৰ্ক আছিল গৰু ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড তথা চামগুৰিৰ কুখ্যাত ডকাইত মোস্তাফা আহমেদৰ সৈতে।
উল্লেখযোগ্য যে, আজি পুৱা নগাঁও আৰক্ষীয়ে ৪৪টা চোৰাং গৰুসহ চামগুৰিৰ মোস্তাফা আহমেদ, ৰুস্তম আলী আৰু আজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে গৰু ছিণ্ডিকেটৰ সৈতে বৰঘাট আৰক্ষীৰ সম্পৰ্কৰ তথ্য লাভ কৰিছিল নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|