• Home
  • »
  • News
  • »
  • assam
  • »
  • IPS Anand Mishra: অৱশেষত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি, কোন হ'ব নগাঁৱৰ পৰৱৰ্তী আৰক্ষী অধীক্ষক?

IPS Anand Mishra: অৱশেষত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি, কোন হ'ব নগাঁৱৰ পৰৱৰ্তী আৰক্ষী অধীক্ষক?

Anand Mishra, IPS

Anand Mishra, IPS

কম সময়তে বহু কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল আনন্দ মিশ্ৰই

  • Share this:
বদলি কৰা হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক তথা আইপিএছ বিষয়া আনন্দ মিশ্ৰক (Nagaon SP Anand Mishra )। বিগত প্ৰায় ৬মাহত নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে বহু ম'ষ্ট ৱাণ্টেড অপৰাধীক গ্ৰেপ্তাৰ কৰি চৰ্চিত হৈ পৰা আইপিএছ বিষয়াগৰাকী যোৱা ২২ জানুৱাৰীত হোৱা এটা এনকাউণ্টাৰৰ ঘটনাক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে নগাঁৱত অপৰাধ নিয়ন্ত্ৰণৰ বাবে গঠন কৰি দিয়া এণ্টি নাৰ্ক'টিক স্কোৱাডৰ বিষয়া প্ৰদীপ বণিয়াৰ গুলীত গুলীবিদ্ধ হৈছিল কীৰ্তিকমল বৰা নামৰ ছাত্ৰনেতা গৰাকী।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক তদন্তৰ দায়িত্ব দি এখন কমিটি গঠন কৰি দিছিল। মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া কমিটিয়ে দাখিল কৰা প্ৰতিবেদনত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক'টিক স্কোৱাডক দোষী স্যবস্ত কৰা হৈছিল। প্ৰদীপ বণিয়াক নিলম্বন কৰাৰ লগতে এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগ কৰি প্ৰতিজন সদস্যকে বদলিৰ নিৰ্দেশ দিয়া হৈছিল।

এই ঘটনাৰ পিছত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ (Anand Mishra,IPS) ওপৰত ৰাজ্যৰ বহু বিৰোধী ৰাজনৈতিক নেতাই শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী তুলিছিল। অৱশেষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰাৰ নিৰ্দেশ দিয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক (SP Nagaon transfered to Assam Police HQ)।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীক জৰুৰীকালীনভাৱে বদলি কৰা হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ। অৱশ্যে আনন্দ মিশ্ৰক কিয় বদলি কৰা হ'ল সেই বিষয়ে অসম আৰক্ষীৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো তথ্য ৰাজহুৱা কৰা হোৱা নাই।
Published by:Gautam Barman
First published: