"তদন্তৰ প্ৰতিবেদনক আমি গ্ৰহণ কৰিছোঁ। এনকাউণ্টাৰ (Nagaon Encounter)ত জড়িত প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। কিন্তু আমি লগতে ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইনক কিয় কীৰ্তিকমলে বচাবলৈ গৈছিল তাৰ ওপৰত তদন্ত হোৱাটোও বিচাৰোঁ।" এই মন্তব্য নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ৰ। কীৰ্তিকমল বৰাৰ একাউণ্টাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে কৰা তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে এই মন্তব্য আনন্দ মিশ্ৰৰ।
ইতিমধ্যে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগ কৰা হৈছে। বিগত বছৰটোত নগাঁও আৰক্ষী (Nagaon Police)ৰ এণ্টি নাৰ্ক'টিক স্কোৱাডে প্ৰায় ৫৮ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল। পিছে এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগ কৰাৰ পিছত নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান স্তব্ধ হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আনন্দ মিশ্ৰই কয়, "এতিয়া ৫ গুণ বেছি গতিত চলিব ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ ব্যৱসায়ত জড়িত সকলোকে চোচোৰাই অনা হ'ব। মই থকালৈকে নগাঁৱত ড্ৰাগছ চলিব নিদিওঁ।"
এইটোও পঢ়ক: ‘মোক ভুল এনকাউণ্টাৰ কৰা হৈছিল, মই ন্যায় লাভ কৰিছো’ – ক’লে কীৰ্তি কমল বৰাইইপিনে নগাঁও আৰক্ষীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত বহু ৰাজনৈতিক শক্তি আৰু অপৰাধীয়ে সুযোগ গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক মিশ্ৰই। আনহাতে, ২২জানুৱাৰীত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জাকিৰ হুছেইন নামৰ ব্যক্তিগৰাকী ২০১৯ চনতে ড্ৰাগছৰ সৰবৰাহৰ (Drugs Smuggling) সৈতে জড়িত হোৱাৰ অপৰাধত হাতে-লোটে গ্ৰেপ্তাৰ হৈ ২ মাহ কাৰাবাস খটাৰ কথাও সংবাদ মাধ্যমক অৱগত কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|