নিচামুক্তি কেন্দ্ৰৰ নামত চলিছে কি? কিদৰে ৰখা হৈছে নিচাসক্ত যুৱকক...
নিচামুক্তি কেন্দ্ৰৰ নামত চলিছে কি? কিদৰে ৰখা হৈছে নিচাসক্ত যুৱকক...
নিচাসক্ত যুৱকক স্বাভাৱিক জীৱনলৈ উভতাই আনিবৰ বাবে নগাঁৱৰ বিভিন্ন স্থানত থকা নিচামুক্তি কেন্দ্ৰসমূহত চৰম অনিয়ম চলাৰ অভিযোগ উত্থাপিত হৈছে। নগাঁও চহৰৰ সমীপৱৰ্তী তেলিয়া বৰজহাগাঁৱত থকা চেষ্টা নামৰ নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে সংবাদ মাধ্যমত বহু অভিযোগ উত্থাপন কৰিলে এগৰাকী কণ্ঠশিল্পীয়ে।
কলিয়াবৰৰ দিপাংকৰ বাৰুৱাতী নামৰ কণ্ঠশিল্পীগৰাকীক আজিৰ পৰা ১৫দিন পূৰ্বে চেষ্টা নামৰ নিচামুক্তি কেন্দ্ৰটোত পৰিয়ালৰ লোকে ভৰ্তি কৰিছিল। কিন্তু নিচামুক্তি কেন্দ্ৰটোৰ কৰ্তৃপক্ষই শিল্পীগৰাকীক ব্যাপক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰে শিল্পীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে।
তেওঁলোকৰ অভিযোগ অনুসৰি চৰম অস্বাস্থ্যকৰ পৰিৱেশত নিচাসক্ত যুৱকসকলক ৰখাৰ লগতে অতি নিম্নমানৰ খাদ্য প্ৰদান কৰে নিচামুক্তি কেন্দ্ৰটোৰ কৰ্তৃপক্ষই। আনহাতে নিচামুক্তি কেন্দ্ৰটোত থকা যুৱকসকলৰ সৈতে পৰিয়ালৰ লোকক কোনো যোগাযোগ কৰিবলৈ নিদিয়াৰ ফলত বহু যুৱকে এতিয়াও চৰম যান্ত্ৰনাত দিন পাৰ কৰাৰ অভিযোগো কৰিছে দিপাংকৰ বাৰুৱাতীয়ে।
ইতিমধ্যে দিপাংকৰ বাৰুৱাতীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত হয়বৰগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীয়ে তেওঁক মঙলবাৰে উদ্ধাৰ কৰে। আনহাতে এই সমগ্ৰ অভিযোগক নস্যাৎ কৰিছে চেষ্টা নামৰ অনুষ্ঠানটোৰ কৰ্তৃপক্ষই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|