মুখ্যপৃষ্ঠা »খবৰ »অসম »সাংবাদিক শিৱপ্ৰসাদ বৰাৰ বিয়োগত নগাঁৱত শোকৰ ছাঁ, নগাঁও প্ৰেছ ক্লাৱত শেষ শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ

সাংবাদিক শিৱপ্ৰসাদ বৰাৰ বিয়োগত নগাঁৱত শোকৰ ছাঁ, নগাঁও প্ৰেছ ক্লাৱত শেষ শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ

আপোচবিহীন সাংবাদিকতাৰে নগাঁওবাসীৰ মন জয় কৰিছিল।

আপোচবিহীন সাংবাদিকতাৰে নগাঁওবাসীৰ মন জয় কৰিছিল।

  • Share this:
নগাঁৱৰ  বিশিষ্ট সাংবাদিক,সু-সাহিত্যিক,কবি,সমাজ সংগঠক,অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা শিৱপ্ৰসাদ বৰাৰ আজি পুৱা নগাঁও চহৰৰ আমোলাপট্টিস্থিত হাউচিং কলনীৰ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫বছৰ। বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পৰে।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে,আজি পুৱা দহ বজা পৰ্যন্ত সুস্থ অৱস্থাতেই থকা বৰা ঘৰৰ ভিতৰতে প্ৰায় ১১বজাত ঢলি পৰে। লগে লগে তেওঁক স্থানীয় ডিউ কেয়াৰ নাৰ্ছিং হোমলৈ নিয়া হয় যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি তেঁওক মৃত বুলি ঘোষণা কৰে। নগাঁও জিলাৰ ৰাইদঙীয়া অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত দেৱকান্ত বৰা আৰু সমাজকৰ্মী প্ৰেমলতা বৰাৰ কণিষ্ঠ পুত্ৰ আছিল শিৱপ্ৰসাদ বৰা ।

শিৱপ্ৰসাদ বৰাই ৰাইদঙীয়াত প্ৰাথমিক শিক্ষা আৰু হাইস্কুলীয়া শিক্ষা সাং কৰি নগাঁও মহাবিদ্যালয়ৰ পৰা পি ইউ আৰু গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।ছাত্ৰাৱস্থাৰ পৰাই তেওঁ লিখামেলা কৰাৰ লগতে বিভিন্ন সাহিত্য, সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল। তাৰোপৰি ছাত্ৰ অৱস্থাতে তেওঁ অসম আন্দোলনৰ লগতো  জড়িত হৈ পৰি একাধিকবাৰ কাৰাবাস পৰ্যন্ত খাটিবলগীয়া হৈছিল।

ৰাইদঙীয়া অঞ্চলৰ পৰা প্ৰকাশিত বৰ বেজালি নামৰ মাহেকীয়া বাৰ্তালোচনীখনৰ ১৯৮১ চনত সম্পাদকৰ দায়িত্ব বহনেৰে শিৱপ্ৰসাদ বৰাই সাংবাদিকতা জীৱনৰ পাতনি মেলে । আনহাতে  গুৱাহাটীৰ বি বৰুৱা কলেজত পঢ়ি থকা সময়ত তেওঁ অধুনালুপ্ত আজিৰ অসম কাকতৰ জৰিয়তে  সংবাদসেৱা আৰম্ভ কৰি পাছলৈ তিনিদিনীয়া অগ্ৰদূত আৰু আশীৰ দশকৰ পৰা দৈনিক অগ্ৰদূত কাকতৰ নগাঁও জিলা সদৰৰ সাংবাদিক হিচাপে জড়িত হৈ পাছলৈ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে নিয়োজিত হৈ কেইবা বছৰো সংবাদসেৱা আগবঢ়ায়।

এগৰাকী আপোচবিহীন সাংবাদিক হিচাপে পৰিচিত বৰা সেই সময়ত ৰজাঘৰ আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছিল। যাৰ বাবে তেওঁ ৰজাঘৰ আনকি সেনাৰো নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছিল। ২০০০-২০০১চনত তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত উপত্যকা নামৰ সাপ্তাহিক কাকত খনৰ সম্পাদক হিচাপে যোগদান কৰে। অৱশ্যে কাকতখন কিছুদিনৰ পাছত বন্ধ হৈ পৰে।

পৰৱৰ্তী সময়ত তেওঁৰ সম্পাদনাত 'জন প্ৰহৰী' নামৰ আন এখন সাপ্তাহিক কাকত নগাঁও চহৰৰ পৰা কিছুদিন প্ৰকাশ পাইছিল। ২০০০চনৰ পাছত বৰাই অসমীয়া প্ৰতিদিন কাকতৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে কেইবছৰমান কাম কৰে। পাছলৈ তেওঁ বৈদ্যুতিন নিউজ চেনেল প্ৰাইম নিউজ, দৈনিক কাকত প্ৰতিবিম্বৰ জৰিয়তেও সংবাদসেৱা আগবঢ়ায়।

মৃত্যুৰ সময়লৈকে তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ৰণাংগনৰ সম্পাদনা উপদেষ্টা হিচাপে কাৰ্যনিবাহ কৰি আছিল। তেওঁ জি আই টিৰ সমন্বয়ক হিচাপেও কেইবাবছৰো কাম কৰিছিল। এগৰাকী কবি হিচাপেও প্ৰতিষ্ঠা লাভ কৰা বৰাই ভালেকেইখন গ্ৰন্থ সম্পাদনা কৰিছিল। তেওঁ অসমীয়া খবৰ, দৈনিক অগ্ৰদূত,  অসমীয়া প্ৰতিদিনকে প্ৰমুখ্য কৰি বিভিন্ন কাকতত  লিখামেলা কৰিছিল।

মৃত্যুৰ সময়ত বৰাই পত্নী, একমাত্ৰ পুত্ৰ,মাতৃ, জ্যেষ্ঠ ভাতৃ সহ বহু ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

নগাঁৱৰ বিশিষ্ট সাংবাদিক, সু সাহিত্যিক, কবি শিৱপ্ৰসাদ বৰাৰ অকাল বিয়োগত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জনসংযোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা,সাংসদ গৌৰৱ গগৈ, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ,বিধায়ক নুৰুল হুদা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা,মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদুম ৰাজখোৱা, অসম সাহিত্য সভাৰ কাৰ্যনিবাহক সদস্য অজিত শৰ্মা, নগাঁও প্ৰেছ ক্লাব, মৰিগাঁও জিলা সাংবাদিক সন্থা,নগাঁও জিলা বাৰ্তাজীৱি সংঘ, সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতি,নগাঁও জিলা মুক্ত সাংবাদিক সন্থা,ধিং প্ৰেছ ক্লাব, বটদ্ৰৱা প্ৰেছ ক্লাব, বেবেজীয়া প্ৰেছ ক্লাব,ৰহা প্ৰেছ ক্লাব, কামপুৰ সাংবাদিক সন্থা, বঢ়মপুৰ প্ৰেছ ক্লাব, জুৰীয়া প্ৰেছ ক্লাব, ৰূপহী প্ৰেছ ক্লাব, পুৰণিগুদাম প্ৰেছ ক্লাব, চামগুৰি প্ৰেছ ক্লাব, নগাঁও জিলা সাহিত্য সভা, নগাঁও জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি,ৰাইদঙীয়া আঞ্চলিক ছাত্ৰ সন্থা, নগাঁও জিলা অগপ,ৰণাংগণ প্ৰকাশন গোষ্ঠী,ক্ৰান্তিকাল প্ৰকাশন গোষ্ঠী, বিশিষ্ট কবি ডা°প্ৰয়াগ শইকীয়া, শিক্ষাবিদ ড: শৰৎ বৰকটকী, নৱ মহন্ত, হেমেন কুমাৰ দাস আদিয়ে গভীৰ শোক প্ৰকাশ কৰে।

শেহতীয়া বাতৰি