உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নগাঁৱত ভয়ংকৰ দুৰ্ঘটনা! গছত খুন্দা মাৰি দুটুকুৰা হ'ল বিলাসী বাহন!  প্ৰাণ হেৰুৱালে ২ গৰাকী যুৱকে

    নগাঁৱত ভয়ংকৰ দুৰ্ঘটনা! গছত খুন্দা মাৰি দুটুকুৰা হ'ল বিলাসী বাহন!  প্ৰাণ হেৰুৱালে ২ গৰাকী যুৱকে

    উৰিয়াগাঁৱৰ পৰা নগাঁও চহৰত দিশে আহি থকা এখন তীব্ৰবেগী ছুইফট বাহনে ডিমৰুগুৰিৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে।

    উৰিয়াগাঁৱৰ পৰা নগাঁও চহৰত দিশে আহি থকা এখন তীব্ৰবেগী ছুইফট বাহনে ডিমৰুগুৰিৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে।

    উৰিয়াগাঁৱৰ পৰা নগাঁও চহৰত দিশে আহি থকা এখন তীব্ৰবেগী ছুইফট বাহনে ডিমৰুগুৰিৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে।

    • Share this:
    নগাঁও চহৰৰ ডিমৰুগুৰিত বিশ্বকৰ্মা পূজাৰ নিশাই সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাত ২গৰাকী যুৱকে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় আন দুগৰাকী যুৱক। জানিব পৰা মতে, উৰিয়াগাঁৱৰ পৰা নগাঁও চহৰত দিশে আহি থকা এখন তীব্ৰবেগী ছুইফট বাহনে ডিমৰুগুৰিৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত বাহন খনত থকা এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন তিনিগৰাকী।

    নিহত যুৱকজনক ডিব্ৰুগড়ৰ হিমাংশু কাকতি বুলি জানিব পৰা গৈছে। আনহাতে গুৰুতৰ ভাৱে আহত ৰাধাগোবিন্দ বৰা, মানৱজ্যোতি শইকীয়া আৰু চিনাছু আগৰৱালা নামৰ আন তিনিগৰাকী যুৱকক প্ৰথমে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। কিন্তু গুৱাহাটীলৈ নিয়াৰ পথতে পুৰণিগুদামৰ ৰাধা গোবিন্দ বৰা নামৰ যুৱকজনেও মৃত্যুক সাৱতি লয়।

    আনহাতে অতি সংকটজনক অৱস্থাত বৰ্তমানেও চিকিৎসাধীন হৈ আছে নগাঁৱৰ কচলুখোৱাৰ মানৱজ্যোতি শইকীয়া আৰু হয়বৰগাঁৱৰ চিনাছু আগৰৱালা নামৰ যুৱক দুগৰাকী। প্ৰত্যক্ষদৰ্শীৰ মতে, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, গছত খুন্দা মৰাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত বাহন খন দুটুকুৰা হৈ গৈছিল। আনহাতে আৰক্ষীৰ মতে অতি তীব্ৰ বেগত অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় l
    Published by:Himangshu Bhuyan
    First published: