মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁও প্ৰেছ ক্লাবৰ বাৰ্ষিক অধিৱেশন, মফচলীয় সাংবাদিকসকলে যথেষ্ট সমস্যাৰ মাজতো সমাজৰ প্ৰতি দায়িত্ব পালন কৰি আহিছে বুলি মন্তব্য পাৰ্থসাৰথি মহন্তৰ

নগাঁও প্ৰেছ ক্লাবৰ বাৰ্ষিক অধিৱেশন, মফচলীয় সাংবাদিকসকলে যথেষ্ট সমস্যাৰ মাজতো সমাজৰ প্ৰতি দায়িত্ব পালন কৰি আহিছে বুলি মন্তব্য পাৰ্থসাৰথি মহন্তৰ

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব ধ্ৰুৱ মহন্তই নিজৰ অতি চমু ভাষণত কয় যে সাংবাদিকসকল নিজৰ দায়িত্ব আৰু কৰ্ম সম্পৰ্কে সচেতন হ'ব লাগিব।

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব ধ্ৰুৱ মহন্তই নিজৰ অতি চমু ভাষণত কয় যে সাংবাদিকসকল নিজৰ দায়িত্ব আৰু কৰ্ম সম্পৰ্কে সচেতন হ'ব লাগিব।

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব ধ্ৰুৱ মহন্তই নিজৰ অতি চমু ভাষণত কয় যে সাংবাদিকসকল নিজৰ দায়িত্ব আৰু কৰ্ম সম্পৰ্কে সচেতন হ'ব লাগিব।

  • Share this:
নগাঁও প্ৰেছ ক্লাৱৰ দেওবাৰে ২০২২ বৰ্ষৰ বাৰ্ষিক অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৰে প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়াই। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ মুকলি কৰে প্ৰেছ ক্লাবৰ উপদেষ্টা কনক হাজৰিকাই আৰু ক্ৰীড়া সংগঠক প্ৰদীপ হাজৰিকাই।

বিয়লি ১ বজাৰ পৰা প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব ধ্ৰুৱ মহন্তই নিজৰ অতি চমু ভাষণত কয় যে সাংবাদিকসকল নিজৰ দায়িত্ব আৰু কৰ্ম সম্পৰ্কে সচেতন হ'ব লাগিব। সাংবাদিকতাৰ প্ৰাথমিক চৰ্ত হৈছে সমাজৰ সমস্যা আৰু জনগণৰ প্ৰাথমিক সমস্যাসমূহ সঠিকভাৱে দাঙি ধৰা। তেওঁ লগতে কয় যে স্বাৰ্থ নথকা বিষয়ত ভালপোৱাৰ আনন্দ অনুভৱ কৰিব পাৰি।

আনহাতে, সাংবাদিকসকলে মৌলিক দায়িত্ব পালনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰি মহন্তই আৰু কয় যে ৰাইজক সচেতন কৰাত সাংবাদ মাধ্যমে দায়বদ্ধতাৰে কাম কৰিব লাগিব। মৌলিক সমস্যা সমাধান কৰিবৰ বাবে সংবাদ মাধ্যমে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব। তেতিয়াহে জনগণৰ মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত নিশ্চিতভাৱে ৰাইজ উপকৃত হ'ব। তেওঁ অসমৰ যুৱ সমাজক কৃষি কাৰ্যত  জড়িত হৈ স্বনিৰ্ভৰশীল হবলৈ  আহ্বান জনায়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ উপ-মহানিৰ্দেশক পার্থ সাৰথি মহন্তই সংবাদ ক্ষেত্ৰখনৰ বিভিন্ন দিশৰ ওপৰত বাখ্যা দাঙি ধৰি কয় যে নতুন প্ৰজন্মৰ মূল কামটোৱেই হৈছে অধ্যয়ন। অধ্যয়নৰ জৰিয়তে নিজক সংস্থাপিত কৰিব লাগিব। তেওঁ লগতে কয় যে সমাজখন চলাবলৈ হলে আমি সকলো ঐক্যমতত উপনীত হ'ব লাগিব। ঐক্যমতৰ ভিত্তিতহে সমাজখন আগুৱাই নিব লাগিব। নিজৰ ভাষাটোক ভাল দৰে জানিব লাগে বুলি তেওঁ মন্তব্য কৰে।

শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে মফচলীয় সাংবাদিকৰ বিষয়ে উল্লেখ কৰি কয় যে  মফচলীয় সাংবাদিকসকলে নিজৰ নিজৰ অঞ্চলৰ সমস্যাসমূহ সঠিকভাৱে উপস্থাপন কৰি এক গুৰু দায়িত্ব পালন কৰি আহিছে।

সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই  নগাঁও প্ৰেছ ক্লাৱৰ ইতিহাস বৰ্ণনা কৰি কয় যে নগাঁৱৰ সংবাদ ক্ষেত্ৰখনৰ এক সুকীয়া পৰিচয় আছে। তেওঁ নগাঁও প্ৰেছ ক্লাবৰ অভাৱ-অভিযোগসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।

আনহাতে বৈদ্যুতিন মাধ্যমৰ দ্ৰুত উত্তৰণ হলেও ছপা মাধ্যমৰ চাহিদা সদায় থাকিব বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই কয় যে বাতৰি কাকত সদায় জীৱন্ত ৰূপত থাকিব। সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যপিকা ড০ ৰ'জলীন জাহান, প্ৰেছ ক্লাবৰ উপদেষ্টা কনক হাজৰিকা, শৈলেন শইকীয়াৰ লগতে প্ৰেছ ক্লাবৰ সদস্য বিষয়ববীয়া ক্ৰমে পলাশ প্ৰতিম হাজৰিকা, জিতেন বৰকটকী, নিলোৎপল বৰা, তপন বৰা, চন্দন জ্যোতি বৰা, চফিকুৰ ৰহমান, ভাস্কৰজ্যোতি  শইকীয়া, ৰবীন্দ্ৰ ছাহ আদিয়ে অংশগ্ৰহণ কৰে।

প্ৰেছ ক্লাবৰ সম্পাদক অজিত শইকীয়াই উদ্দেশ্যে ব্যাখ্যা কৰা আৰু জিতেন বৰকটকীয়ে আঁত ধৰা সভাত নগাঁও প্ৰেছ ক্লাবৰ ৫ গৰাকী জ্যেষ্ঠ সাংবাদিক ক্ৰমে হেমেন কুমাৰ দাস, অসীম কুমাৰ ভাৱাল, অখিল চন্দ্ৰ দাস, অজয় মহাতো আৰু বৈদ্যনাথ সাহানীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত নগাঁও প্ৰেছ ক্লাবৰ ওপৰ মহলাৰ সভাগৃহ, কাৰ্যালয় আৰু নগাঁও প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ড০ আবু হানিফাৰ স্মৃতিত "ডঃ আবু হানিফা সভাকক্ষ" মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই।

উল্লেখ্য যে নগাঁও প্ৰেছ ক্লাবৰ ওপৰ মহলাৰ সভাগৃহ আৰু কাৰ্যালয় বিধায়ক ৰূপক শৰ্মাৰ বিধায়ক পুঁজিৰে নতুন ৰূপত সজাই তোলাৰ লগতে  ডঃ আবু হানিফা সভাকক্ষ প্ৰয়াত ডঃ হানিফাৰ পত্নী ড০ ৰ'জলীন জাহানৰ আৰ্থিক সাহাৰ্যৰে নতুন ৰূপত আটকধুনীয়াকৈ সজাই তোলা  হয়। ইপিনে মুকলি সভাৰ পাছত বিয়লি নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

শেহতীয়া বাতৰি