নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ সহযোগত এক অভিযান চলাই কালি নিশা ৯ কোটিৰো অধিক টকাৰ মৰ্ফিন জব্দ কৰাৰ লগতে দুই কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য় যে, আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী প্ৰথমে হেৰ'ইন বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত পৰীক্ষাৰ অন্তত জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহ মৰ্ফিন বুলি নিশ্চিত কৰিছে নগাঁও আৰক্ষীয়ে। আজি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত আৰক্ষী অধীক্ষক লীনা দলেই এক সংবাদ মেল সম্বোধন কৰি জব্দ কৰা মৰ্ফিন সন্দৰ্ভত সদৰী কৰে বহু তথ্য। কেইবা কোটি টকাৰ মৰ্ফিনসমূহ সৰবৰাহৰ তথ্য এক গোপন সূত্ৰে লাভ কৰাৰ পিছত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত অভিযান চলাই ১৮ কেজি ২৭০ গ্ৰাম মৰ্ফিন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো। লগতে মৰ্ফিন সৰবৰাহ কৰা দুই ড্ৰাগছ মাফিয়া পিতা পুত্ৰকো আটক কৰে আৰক্ষীৰ দলটোৱে। ধৃত ড্ৰাগছ মাফিয়া দুটা গুৱাহাটীৰ বশিষ্ঠৰ ৰঞ্জিত শ্বাহ আৰু আদিত্য কুমাৰ শ্বাহ।
খবৰ অনুসৰি, মৰ্ফিন সৰবৰাহ কৰা বিলাসী বাহনখনো জব্দ কৰে আৰক্ষীয়ে। ৯ কোটিৰো অধিক টকাৰ মৰ্ফিন সৰবৰাহ কৰা দুই ড্ৰাগছ মাফিয়া আন্তৰ্জাতিক ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক লীনা দলেই। ইপিনে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ৰঞ্জিত শ্বাহ আৰু আদিত্য শ্বাহৰ পূৰ্বৰ ৰেকৰ্ড বিচাৰিছে নগাঁও আৰক্ষীয়ে। ৯ কোটি টকাৰ ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলোৱা ধৃত দুই সৰবৰাহকাৰীক নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে চি আই ডি ৰ সহায়ত অধিক তথ্যৰ বাবে অনুসন্ধান আৰম্ভ কৰা বুলিও সদৰী কৰে আৰক্ষী অধীক্ষক লীনা দলেয়ে।
Published by: Subham Goswami
FIRST PUBLISHED : March 06, 2023, 22:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।