শুকুৰবাৰে নগাঁও চহৰত উঠিল টকাৰ উজান। নগাঁও আৰক্ষীৰ অভিযানত এটা ভাড়াঘৰৰ চিলিঙৰ পৰা জব্দ হ'ল লাখে লাখে টকা। পিছে জব্দকৃত নোটসমূহ আছিল জালনোট। প্ৰকৃততে নগাঁও আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা লখিমপুৰৰ পৰা আহি নগাঁৱত জাল নোটৰ বেহা চলোৱা এটা বৃহৎ চক্ৰ উৎখাত হয় ৷
নগাঁও আৰক্ষীয়ে হয়বৰগাঁৱৰ কাৱৈমাৰীৰ পৰা উৎখাত কৰে জাল নোটৰ চক্ৰটো। বৃহৎ পৰিমাণৰ জালনোট সহ আতিকুৰ ৰহমান নামৰ লখিমপুৰৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে জাল নোট ব্যৱসায়ী চক্ৰটোত জড়িত আন কেইবাজনো লোকে ৷
লখিমপুৰৰ এই দুষ্ট চক্ৰটোৱে নগাঁও হয়বৰগাঁৱৰ ভাড়াঘৰত থাকি চলাই আছিল জাল নোটৰ ব্যৱসায় ৷ শুকুৰবাৰে নগাঁৱৰ বৰঘাট বাইপাছত জাল নোট সৰবৰাহৰ পৰিকল্পনা কৰোতেই আৰক্ষীয়ে গোপনসুত্ৰৰ পৰা পোৱা খৱৰৰ ভিত্তিত অভিযান চলাই উৎখাত কৰে দুষ্ট চক্ৰটোক।
ধৃত আতিকুৰৰ উপৰি এই জাল নোটৰ চক্ৰটোৰ লগত লখিমপুৰৰ আন কেইবাজনো লোক জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷আৰক্ষীয়ে জাল নোট তৈয়াৰ কৰা এটা মেচিন আৰু জাল নোট ব্যৱসায়ী চক্ৰটোয়ে ব্যৱহাৰ কৰা AS 07G 2579 নম্বৰৰ এখন বলেৰ’ গাড়ী জব্দ কৰে l
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|