কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে নাৰী সৰবৰাহকাৰী চক্রই সুদূৰ কেৰালালৈ নিয়া পাঁচ যুৱতীক নগাঁও আৰক্ষীয়ে কেৰালাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে নগাঁও আৰক্ষীৰ অভিযানত বহিঃৰাজ্য কেৰালাত উৎখাত হয় এটা নাৰী সৰবৰাহকাৰী চক্ৰ ।
নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কেৰালাৰ ত্ৰিবান্দ্ৰম জিলাৰ পৰা নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা পাঁচ যুৱতী উদ্ধাৰ কৰাৰ লগতে এগৰাকী মহিলাসহ ৩ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
নগাঁৱৰ আৰক্ষী সূত্ৰই জনোৱা মতে, নগাঁও সদৰ থানাত এই সন্দৰ্ভত ৰুজু হোৱা ১৯৮৭/২০২১ নম্বৰৰ গোচৰৰ আঁত ধৰি উপ–আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ দলে কেৰালাৰ আৰক্ষীৰ সহযোগত এই সফলতা লাভ কৰে ।
আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ ৩ জন সদস্য ক্ৰমে নগাঁৱৰ ৰৌমাৰীৰ আলী আকবৰ (৩২) , কচুৱাৰ আইনা বিবি ওৰফে দিদি (৪১) আৰু হোজাইৰ দিলোৱাৰ হুছেইনক(২৪) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষী সূত্ৰই জনোৱা মতে, এই নাৰী সৰবৰাহকাৰী চক্ৰৰ মূল নায়িকা হ'ল আইনা বিবি। এইগৰাকী মহিলাই অসমৰ বিভিন্ন জিলাৰ পৰা চাকৰি আৰু কাম দিয়াৰ প্ৰলোভনেৰে কেৰালাকে ধৰি বিভিন্ন ৰাজ্যলৈ যুৱতী সৰবৰাহ কৰি আহিছে।
আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰটোৰ পৰা উদ্ধাৰ কৰা যুৱতীকেইগৰাকী নগাঁও, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ বুলি জানিব পৰা গৈছে । আনহাতে ধৃত নাৰী সৰবৰাহকাৰী চক্ৰৰ তিনি সদস্যক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । কেৰালাত চলোৱা অভিযানত অসম আৰক্ষীৰ দলটোক কেৰেলাৰ আৰক্ষী বিশেষকৈ ত্ৰিবান্দ্ৰমৰ উপ আৰক্ষী আয়ুক্ত ভৈৱভ চাক্সেনাই বিশেষ সহযোগিতা আগবঢ়ায় বুলি নগাঁও আৰক্ষীৰ অভিযানকাৰী দলটোৰ পৰা জানিব পৰা গৈছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|