ইলেকট্ৰনিক সামগ্ৰী ক্ৰয় কৰোতে সাৱধান! নগাঁৱৰ বজাৰ ভৰি পৰিছে নকল সামগ্ৰীৰে
ইলেকট্ৰনিক সামগ্ৰী ক্ৰয় কৰোতে সাৱধান! নগাঁৱৰ বজাৰ ভৰি পৰিছে নকল সামগ্ৰীৰে
প্ৰচণ্ড গৰমত বৈদ্যুতিক পাংখাৰ চাহিদা খুবেই বৃদ্ধি পায়। পিছে গ্ৰাহকৰ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অধিক মুনাফা লাভৰ আশাত বৰ্তমান ব্যৱসায়ীসকলে নকল চিলিং ফেন অথবা বৈদ্যুতিক পাংখা বিক্ৰী কৰাৰ কথা পোহৰলৈ আহিছে। নগাঁও চহৰৰ হয়বৰগাঁৱৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত আৰক্ষীয়ে অভিযান চলাই বহু নকল বৈদ্যুতিক সামগ্ৰী উদ্ধাৰ কৰিছে।
নগাঁও চহৰৰ হয়নৰগাঁও বজাৰৰ বিজুলী ঘৰ, মাণিক ট্ৰেডাৰ্ছ আৰু দুৰ্গা ট্ৰেডাৰ্ছত আৰক্ষীয়ে অভিযান চলাই টুফান কোম্পানীৰ নকল চিলিং ফেনৰ লগতে বহু সামগ্ৰী উদ্ধাৰ কৰিছে। টুফান কোম্পানীৰ এজাহাৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই সামগ্ৰীসমূহ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে তিনিওখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|