নগাঁৱত দীৰ্ঘদিন ধৰি আবকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল হিমানজ্যোতিয়ে।
নগাঁৱত দীৰ্ঘদিন ধৰি আবকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল হিমানজ্যোতিয়ে।
বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সম্পত্তিৰ পাহাৰ গঢ়া দুৰ্নীতিগ্ৰস্ত আবকাৰী বিষয়া হিমানজ্যোতি বৰাৰ সম্পত্তিৰ তালিকা বিচাৰি তৎপৰ হৈছে নগাঁও আৰক্ষী। কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ সুৱাদতে হিমানজ্যোতিয়ে বিগত সময়ছোৱাত আবকাৰী বিভাগত ব্যাপক ৰাজত্ব চলোৱা হিমানজ্যোতি বৰাক কোকৰাঝাৰত উৎকোচসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰাৰ পিছত নগাঁৱতো আৰক্ষীয়ে অভিযান চলাইছে।
শুকুৰবাৰে নিশা নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নাইট এংগল এপাৰ্টমেণ্টত থকা বিলাসী ফ্লেটটোত অভিযান চলায়। অৱশ্যে অভিযানত কোনো নগদ ধন অথবা আপত্তিজনক তথ্য পাতি উদ্ধাৰ হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে। উল্লেখযোগ্য যে, হিমানজ্যোতি বৰাই নগাঁৱতো দীৰ্ঘদিন ধৰি আবকাৰী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|