অত্যাধুনিক একে৪৭ অথবা নাইন এম এম পিষ্টল নহয়। আনন্দ মিশ্ৰ বাহিনীৰ হাতে হাতে এইবাৰ ধনু-কাঁড় আৰু যাঠী-জোং। নগাঁও আৰক্ষী ছাউনীত ব্যতিক্ৰমী ৰূপত দেখা গ'ল আৰক্ষীৰ জোৱান সকলক। পিছে, কোনো আইন-শৃংখলা ৰক্ষাৰ বাবে নহয়, অসমীয়া ভাওনাৰ বাবেহে নগাঁও আৰক্ষীৰ এই নতুন ৰূপ।