তেঁওৰ ফটোত মালা কিয় দিছে, তেঁও জীয়াই আছে, মই তেঁওক এই ৰূপত নাচাওঁ- নগাঁৱৰ কামপুৰত বানপানীত ডুবি কৰুণ মৃত্যুক সাৱতি লোৱা আৰক্ষীৰ কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ দেখাৰ লগে লগে এইদৰে চিঞৰি চিঞৰি শোকত ভাগি পৰে তেঁওৰ পত্নী কবিতা ডেকা বৰদলৈ। সংজ্ঞাহীন হৈ পৰা কবিতা ডেকাক তাৎক্ষণিকভাৱে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
উল্লেখযোগ্য যে কামপুৰৰ মধুপুৰত নিশা এক অভিযান চলাবলৈ গৈ বানপানীত ডুবি মৃত্যুক সাৱতি লোৱা আৰক্ষীৰ কনিষ্টবল ৰাজীৱ বৰদলৈ আৰু কামপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিৰ নশ্বৰদেহত আজি নগাঁও আৰক্ষীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগাঁও আৰক্ষী ছাউনীৰ প্ৰেক্ষাগৃহত। জীৱনৰ অন্তিম মুহুৰ্তলৈকে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰা আৰক্ষী জোৱান কেইজনৰ নশ্বৰদেহত ৰাজ্যিক মৰ্য্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
নগাঁও আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ লগতে নগাঁও আৰক্ষীৰ বিষয়া জোৱান সকলে দুয়োগৰাকী সতীৰ্থক অশ্ৰুসিক্ত নয়নৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ নগাঁও আৰক্ষী ছাউনীত উপস্থিত হয় মন্ত্ৰী পিয়ুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামীৰ লগতে শশীকান্ত দাস।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 20, 2022, 19:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|