অপৰাধীৰ বিৰুদ্ধে নতুন কৌশল প্ৰয়োগ কৰি সফল নগাঁও আৰক্ষী, কি এই নতুন কৌশল?

নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে NEWS18 অসমক জনোৱা অনুসৰি, ২০১৯ বৰ্ষৰ প্ৰথমৰ পৰাই অপৰাধ নিয়ন্ত্ৰণৰ বাবে লৈছিল এক বিশেষ কৌশল।

News18-Assam
Updated:November 5, 2019, 12:04 PM IST
অপৰাধীৰ বিৰুদ্ধে নতুন কৌশল প্ৰয়োগ কৰি সফল নগাঁও আৰক্ষী, কি এই নতুন কৌশল?
নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে NEWS18 অসমক জনোৱা অনুসৰি, ২০১৯ বৰ্ষৰ প্ৰথমৰ পৰাই অপৰাধ নিয়ন্ত্ৰণৰ বাবে লৈছিল এক বিশেষ কৌশল।
News18-Assam
Updated: November 5, 2019, 12:04 PM IST
নীলোৎপল বৰা : অপৰাধীৰ ঘাটি হিচাপে পৰিচিত নগাঁও জিলাত অপৰাধ নিয়ন্ত্ৰণৰ বাবে নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছিল এক বিশেষ কৌশল আৰু এই কৌশলৰ বাবেই ২০১৯ বৰ্ষটোত বৰ্তমানলৈকে নগাঁও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে লাভ কৰিছে ব্যাপক সফলতা।

২০১৯ বৰ্ষৰ জানুৱাৰীৰ পৰা নগাঁও আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে ৩৬জন দুধৰ্ষ অপৰাধী। আৰক্ষীয়ে অত্যাধুনিক 9MM, 7.65MM পিষ্টল সহ জব্দ কৰিছে ২৪টা অত্যাধুনিক মাৰণাস্ত্ৰ। নগাঁও আৰক্ষীয়ে বিগত বছৰটোত অবৈধ মাৰণাস্ত্ৰ ব্যৱহাৰ কৰি অপৰাধ সংঘটিত কৰা অপৰাধীৰ বিৰুদ্ধে ৰুজু কৰা ২৪টা গোচৰৰ ভিত্তিত এই অভিযান চলোৱা বুলিও NEWS18ক সদৰি কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে।

নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে NEWS18 অসমক জনোৱা অনুসৰি, ২০১৯ বৰ্ষৰ প্ৰথমৰ পৰাই অপৰাধ নিয়ন্ত্ৰণৰ বাবে লৈছিল এক বিশেষ কৌশল। নতুন কৌশল অনুসৰি, আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰনৰ বাবে সাধাৰণ ৰাইজৰ মাজত নগদ পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছিল। নগাঁও আৰক্ষীৰ বিশেষ শাখাই সঘনাই অপৰাধ সংঘটিত হোৱা অঞ্চলসমূহৰ সাধাৰণ নাগৰিকৰ সৈতে যোগাযোগ কৰি এই কৌশল প্ৰৱৰ্তন কৰিছিল। অপৰাধীৰ গতিবিধিৰ খবৰ দিয়া সাধাৰণ নাগৰিকক নগদ ধনৰে পুৰস্কৃত কৰাৰ উপৰি তেঁওলোকৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত নগাঁও আৰক্ষীৰ এই নতুন কৌশলৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছিল সাধাৰণ নাগৰিকে।

উল্লেখযোগ্য যে, নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩৬জন অপৰাধীৰ ভিতৰত ৫টাকৈ দুধৰ্ষ চোৰাং চিকাৰীও আছে আৰু নগাঁৱৰ ভিতৰতে চামগুৰি সমষ্টিত আটাইতকৈ বেছি কুখ্যাত অপৰাধীৰ সন্ধান পোৱা গৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি