আহত যুৱকজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় ৰাইজে।
আহত যুৱকজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় ৰাইজে।
বিজয়া দশমীৰ দিনাই নগাঁৱৰ আমবাগানত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে ক্ষোভিত হ'ল ৰাইজ। আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই বিজয়া দশমীত দেৱী বিসৰ্জনৰ পৰা ঘূৰি অহা ৰাইজৰ ওপৰত নিৰ্বিচাৰে লাঠীচালনা কৰাৰ ফলশ্ৰুতিত গুৰুতৰভাবে আহত হয় এজন যুৱক।
আৰক্ষীৰ বিষয়াগৰাকীয়ে আনকি মহিলাৰ ওপৰতো লাঠীচালনা কৰাৰ অভিযোগ তুলিছে ৰাইজে। ইয়াৰ পিছতে আমবাগানত আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্যবস্ত কৰে ৰাইজে। উত্তেজিত ৰাইজে আৰক্ষী মূৰ্দাবাদ ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে।
এই ঘটনাৰ ফলত আমবাগানৰ ৰাজ্যিক ঘাইপথত বহুসময় ধৰি তীব্ৰ যান-জঁটৰো সৃষ্টি হয়। ইয়াৰ পিছতে আহত যুৱকজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে, বিজয়া দশমী উপলক্ষে আমবাগানত হোৱা জনসমাগম নিয়ন্ত্ৰণ কৰিবলৈকে আৰক্ষীয়ে লাঠীচালনা কৰিলে বুলি জানিব পৰা গৈছে। পিছে, সাধাৰণ ৰাইজক এইদৰে নিৰ্মম ভাৱে অত্যাচাৰ কৰা ঘটনাত ক্ষুব্ধ হৈ পৰিছে আমবাগানৰ ৰাইজ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|