নগাঁৱৰ মৰিকলং বিলত চোৰ বিচাৰি আৰক্ষীৰ অভিযান
নগাঁৱৰ মৰিকলং বিলত চোৰ বিচাৰি আৰক্ষীৰ অভিযান
নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰা হেণ্ডকাফসহ পলায়ন কৰা এটা চোৰক আৰক্ষীয়ে পানীমেটেকাৰ মাজৰ পৰা উদ্ধাৰ কৰে। জানিব পৰা মতে, আজি দিনৰ প্ৰায় ২ বজাত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ পৰা পলায়ন কৰে ইকবাল হুছেইন নামৰ এটা চোৰে।
মৰিকলং অঞ্চলত বিভিন্ন লোকৰ ঘৰৰ পৰা পানী তোলা মটৰ চুৰি কৰি গ্ৰেপ্তাৰ হোৱা ইকবালে আজি আবেলিৰ ভাগত শৌচাগাৰলৈ যোৱাৰ চলনাৰে হেণ্ডকাফসহ আৰক্ষীৰ ওচৰৰ পৰা পলায়ন কৰে।
পিছে পিছে কৰ্তব্যৰত আৰক্ষী জোৱানে ইকবালক খেদি যোৱাত ইকবালে আৰক্ষীৰ পৰা বাচিবলৈ আৰক্ষী চকীৰ সন্মুখৰ মৰিকলং বিলত জাপ দি পানীমেটেকাৰ মাজত আত্মগোপন কৰে। অৱশেষত প্ৰায় এঘণ্টা অভিযান চলাই পলাতক ইকবালক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰিকলং আৰক্ষী। ধৃত ইকবালৰ ঘৰ জুৰীয়াৰ দগাঁৱত বুলি জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|