হিমাৰ প্ৰশংসাই আমাৰ মনোবল বৃদ্ধি কৰিব, নগাঁও SP–এ সম্বৰ্ধনা জনালে যান–বাহন আৰক্ষীৰ জোৱান ৰঞ্জুলা দেৱীক

News18-Assam
Updated:September 11, 2019, 2:38 PM IST
হিমাৰ প্ৰশংসাই আমাৰ মনোবল বৃদ্ধি কৰিব, নগাঁও SP–এ সম্বৰ্ধনা জনালে যান–বাহন আৰক্ষীৰ জোৱান ৰঞ্জুলা দেৱীক
নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে মহিলা আৰক্ষীৰ জোৱানগৰাকীক সম্বৰ্ধনা জনাই কয় যে আৰক্ষীৰ ভাল দিশসমূহে ছচিয়েল মিডিয়াত স্থান লাভ কৰাটো সমাজৰ বাবে এটা ইতিবাচক দিশ।

নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে মহিলা আৰক্ষীৰ জোৱানগৰাকীক সম্বৰ্ধনা জনাই কয় যে আৰক্ষীৰ ভাল দিশসমূহে ছচিয়েল মিডিয়াত স্থান লাভ কৰাটো সমাজৰ বাবে এটা ইতিবাচক দিশ।

  • News18 Assam
  • Last Updated: September 11, 2019, 2:38 PM IST
  • Share this:
নীলোৎপল বৰা : প্ৰৱল বৰষুণৰ মাজতো নিজৰ কৰ্তব্যৰ পৰা বিচলিত নোহোৱা নগাঁও আৰক্ষীৰ যান–বাহন শাখাৰ মহিলা জোৱান ৰঞ্জুলা দেৱীক নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্বৰ্ধনা জনালে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে মহিলা  আৰক্ষীৰ জোৱানগৰাকীক সম্বৰ্ধনা জনাই কয় যে আৰক্ষীৰ ভাল দিশসমূহে ছচিয়েল মিডিয়াত স্থান লাভ কৰাটো সমাজৰ বাবে এটা ইতিবাচক দিশ।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে ব্যস্ততাৰ মাজতো নগাঁও আৰক্ষীৰ জোৱানসকলৰ খবৰ ৰখাৰ বাবে ‘ধিং এক্সপ্ৰেছ’ তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়াবিদ হিমা দাসক কৃতজ্ঞতা জ্ঞাপন কৰে। ইপিনে হিমা দাসৰ প্ৰশংসাই ভৱিষ্যতে জনগণৰ বাবে অধিক নিষ্ঠাৰে কৰ্তব্য পালনৰ বাবে উৎসাহিত কৰিব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মত ব্যক্ত কৰিলে মহিলা আৰক্ষীৰ জোৱান ৰঞ্জুলা দেৱীয়ে।

উল্লেখযোগ্য যে এসময়ৰ মহিলা ফুটবল খেলুৱৈ ৰঞ্জুলা দেৱীয়ে নগাঁৱৰ নুৰুল আমিন প্ৰখ্যাত ক্ৰীড়াবিদ হিমা দাসৰ সৈতে ষ্টেডিয়ামত একেলগে ক্ৰীড়াৰ অনুশীলন কৰিছিল। আনহাতে, অতি শীঘ্ৰে নগাঁও আৰক্ষীৰ তৰফৰ পৰা মহিলা আৰক্ষীৰ জোৱান ৰঞ্জুলা দেৱীক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ'ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে যান–বাহন আৰক্ষীৰ জোৱান মঞ্জুলা দেৱীৰ বিষয়ে NEWS18 অসমৰ ৱেবছাইটত প্ৰথমে বাতৰি প্ৰকাশ পাইছিল।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading