মাজনিশা নগাঁও আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ বেপাৰীটোৰ নাম নুৰ জামাল ৷ জুৰীয়া তেলীয়া পথাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাওতেই সংঘটিত হ’ল এই এনকাউণ্টাৰ।
ড্ৰাগছ ব্যৱসায়ীটোৰ ঘৰত অভিযান চলোৱাৰ সময়ত আৰক্ষীক তৰোৱালেৰে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল ড্ৰাগছ মাফিয়াটোয়ে ৷ যাৰবাবে গুলীচালনা কৰে আৰক্ষীয়ে৷ সোঁহাতত গুলী লাগে ড্ৰাগছ মাফিয়াটোৰ।
উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি জুৰীয়াত ড্ৰাগছৰ অবাধ বেহা চলাইছিল নুৰ জামালে। অভিযান কালত আৰক্ষীয়ে বহু সংখ্যক হেৰ’ইনৰ কনন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে। কিছুদিন পূৰ্বে নুৰ জামালে বিক্ৰী কৰা ড্ৰাগছ সেৱন কৰি মৃত্যু হৈছিল এজন যুৱক ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|