মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁও আৰক্ষীত দুৰ্নীতিৰ চেকা, নিলম্বিত ASI গিয়াছুদ্দিন আহমেদ

নগাঁও আৰক্ষীত দুৰ্নীতিৰ চেকা, নিলম্বিত ASI গিয়াছুদ্দিন আহমেদ

অডিঅ' ক্লিপৰ ভিত্তিতে নিলম্বন কৰা হৈছে গিয়াছুদ্দিন আহমেদক।

অডিঅ' ক্লিপৰ ভিত্তিতে নিলম্বন কৰা হৈছে গিয়াছুদ্দিন আহমেদক।

  • Share this:

এটা অডিঅ' ক্লিপৰ ভিত্তিত আটক কৰা হৈছে নগাঁও আৰক্ষীৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শকক। চামগুৰি আৰক্ষী থানাত কৰ্মৰত সহকাৰী উপ-পৰিদৰ্শক গিয়াছুদ্দিন আহমেদক নগাঁও আৰক্ষীয়ে নিলম্বন কৰাৰ লগতে জেৰা চলাইছে নগাঁও সদৰ আৰক্ষী থানাত।


উল্লেখযোগ্য যে গিয়াছুদ্দিন আহমেদৰ বিৰুদ্ধে ফোনত ধনৰ লেনদেনৰ কিছু অডিঅ' ক্লিপ লাভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে অডিঅ' ক্লিপৰ ভিত্তিতে নিলম্বন কৰা হৈছে গিয়াছুদ্দিন আহমেদক। নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, আৰক্ষীয়ে অডিঅ'ৰ কণ্ঠস্ৱৰৰ সৈতে গিয়াছুদ্দিনৰ কণ্ঠৰ মিল আছেনে নাই সেই সন্দৰ্ভত  অনুসন্ধান চলাই আছে। অৱশ্যে আৰক্ষীয়ে স্বীকাৰ নকৰিলেও গিয়াছুদ্দিনক নিলম্বন কৰাৰ লগে লগে  নগাঁও আৰক্ষীৰ গাত দুৰ্নীতিৰ চেকা স্পষ্ট হৈছে।

শেহতীয়া বাতৰি