দুৰ্নীতিৰ অভিযোগত নগাঁও আৰক্ষীৰ তিনিগৰাকীকৈ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছতো নগাঁও আৰক্ষীত যেন শেষ হোৱা নাই দুৰ্নীতিৰাজ। বিগত মাহটোৰ ভিতৰতে নগাঁও আৰক্ষীৰ তিনিগৰাকীকৈ বিষয়া নিলম্বিত হ'ব লগা হৈছে দুৰ্নীতিৰ অভিযোগত। পিছে এইবাৰ খোদ আৰক্ষী অধীক্ষকৰ নাম লৈ দুৰ্নীতিত নিমজ্জিত হৈছে নগাঁও আৰক্ষীৰ একাংশ বিষয়া।
শেহতীয়াকৈ ৰাজু হাজৰিকা নামৰ নতুন বজাৰৰ এগৰাকী যুৱকে নগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবলৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও প্ৰেছ ক্লাবত। ৰাজু হাজৰিকা নামৰ যুৱকজনে কৰা অভিযোগ অনুসৰি, ৫দিন পূৰ্বে তেওঁৰ প্ৰেয়সীৰ পিতৃয়ে তেওঁৰ বিৰুদ্ধে নগাঁৱৰ ইটাচালী টাউন আৰক্ষী চকীত এটা ভুৱা ধৰ্ষণৰ গোচৰ দিছিল। পিছে আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন নকৰাৰ বাবদ তেওঁৰ পৰা ৫০ হাজাৰ টকা উৎকোচ বিচাৰে।
ৰাজু হাজৰিকাৰ পৰা ইটাচালী আৰক্ষী থানাৰ ৰেৱ লস্কৰ নামৰ কনিষ্টবলজনে তেওঁক ফোনত ৫০ হাজাৰ টকা উৎকোচ হিচাপে দাবী কৰে। লস্কৰে আনকি উৎকোচৰ ভাগ নগাঁও আৰক্ষী অধীক্ষকক দিব লাগিব বুলিও ৰাজু হাজৰিকাক জনায়।
ৰাজু হাজৰিকাই সংবাদ মাধ্যমক কোৱা অনুসৰি, সাধাৰণতে ধৰ্ষণৰ গোচৰত আৰক্ষীয়ে আচামীৰ পৰা ১ লাখ টকা লয় যদিও তেওঁ আৰ্থিকভাৱে দুৰ্বল হোৱাৰ হেতুকে তেওঁক ৫০ হাজাৰ টকা ৰেহাই দিয়া হৈছে। লস্কৰে আগধন হিচাপে প্ৰথমে ১০ হাজাৰ টকা আদায় দিবলৈ নিৰ্দেশ দিয়াৰ ওপৰিও ৫দিনৰ ভিতৰত উৎকোচৰ বাকী ধনখিনি আদায় দি কেচ চাফা কৰাৰো পৰামৰ্শ দিয়ে। অন্যথা তেওঁ জে’ললৈ যাব লাগিব বুলিও সকীয়াই দিয়ে।
নগাঁৱৰ এটা মটৰ গেৰেজত কৰ্মৰত ৰাজু হাজৰিকাই এই গোচৰ ভুৱা বুলি আৰক্ষীৰ কনিষ্টবল গৰাকীক জনায় যদিও তেওঁ কয়, টকা নিদিলে জে’ললৈ যোৱাটো খাটাং। দাবী কৰা ধন আদায় নিদিয়ালৈকে তেওঁক নিশা ঘৰত নাথাকিবলৈকো পৰামৰ্শ দিয়ে আৰক্ষীৰ কনিষ্টবলগৰাকীয়ে। আৰক্ষীক ধন দিব নোৱাৰি প্ৰথন অৱস্থাত ৰাজু হাজৰিকা নামৰ যুৱকজনে ঘৰৰ পৰা পলায়ন কৰে যদিও তেওঁৰ প্ৰেয়সীয়ে তেওঁক অভয়দান কৰাত পুনৰ ঘৰলৈ ঘূৰি আহে। ইয়াৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত নগাঁও আৰক্ষীৰ কুকীৰ্তিৰ বিষয়ে সকলো কথা অৱগত কৰে।
উল্লেখযোগ্য যে মাত্ৰ কেইমাহমান আগলৈকে নগাঁও আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ ভিতৰতে সুনাম অৰ্জন কৰিছিল। কিন্তু হঠাৎ সৰ্বদিশতে নগাঁও আৰক্ষীৰ অৱক্ষয় কিয় ঘটিছে তাক লৈয়ো সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বটদ্ৰৱাত আৰক্ষী থানাত অগ্নিসংযোগ, এটা মাহতে তিনিজনকৈ আৰক্ষী বিষয়াৰ নিলম্বনৰ উপৰিও জিলাখনত পুনৰ গৰুচুৰিৰ ঘটনাও বৃদ্ধি পাইছে। একেদৰে বৃদ্ধি পাইছে চুৰি-ডকাইটিৰ ঘটনাও। তাৰ মাজতে ভুৱা গোচৰ জাপি দিয়াৰ ভাবুকিৰে উৎকোচ বিচাৰি ব্লেকমেইলিং কৰা অডিঅ' ৰেকৰ্ডিং ভাইৰেল হোৱা ঘটনাই নগাঁও আৰক্ষীত পুনৰ চেকা লগাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা ঘোষণা কৰাৰ সময়তে নগাঁও আৰক্ষীত চলি থকা এনেবোৰ অস্বস্তিত পেলাইছে অসম আৰক্ষীৰ উচ্চপদস্থ মহলক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 04, 2022, 13:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|