• Home
  • »
  • News
  • »
  • assam
  • »
  • ড্ৰাগছৰ বিৰুদ্ধে সজাগতা! নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ অভিনৱ কৌশল

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা! নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ অভিনৱ কৌশল

ড্ৰাগছ আসক্তই নগাঁও চহৰত উলিয়ালে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

ড্ৰাগছ আসক্তই নগাঁও চহৰত উলিয়ালে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

ড্ৰাগছ আসক্তই নগাঁও চহৰত উলিয়ালে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

  • Share this:

ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলোৱা নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এইবাৰ ড্ৰাগছ আসক্তসকলক ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ গ্ৰহণ কৰিছে এক অভিনৱ কৌশল। আৰক্ষী অধীক্ষকগৰাকীয়ে ড্ৰাগছ আসক্তসকলক বিগত সময়ছোৱাত নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।


আৰ্থিকভাৱে দুৰ্বল বহু ড্ৰাগছ আসক্তক নিজাববীয়া প্ৰচেষ্টাত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত বিনামূলীয়াকৈ নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণৰ ব্যৱস্থাও কৰিছিল। আৰক্ষী অধীক্ষকগৰাকীৰ এই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনায় বহু যুৱকে ড্ৰাগছৰ পৰা মুক্তি পাবলৈ কাষ চাপিছিল আৰক্ষীৰ। এনে কিছু ড্ৰাগছ আসক্ত যুৱকক লৈ আজি নগাঁও চহৰত হয়বৰগাঁৱত নগাঁও আৰক্ষীয়ে এক সজাগতা অভিযানৰ আয়োজন কৰে।


এই সজাগতা অভিযানৰ সময়ছোৱাত ড্ৰাগছ আসক্ত যুৱকসকলে ড্ৰাগছৰ ভয়াবহতা আৰু তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে বিভিন্ন পথচাৰীক অৱগত কৰে। নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাং আৰু হয়বৰগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাটোৱাৰীৰ নেতৃত্বত চহৰখনৰ বিভিন্ন ঠাইত এক চাইকেল ৰেলী উলিওৱা হয়।

Published by:Gautam Barman
First published: