এজন অপৰাধীৰ গ্ৰেপ্তাৰে ব্যাপক কঁপনি তুলিছে অসম আৰক্ষীৰ শীৰ্ষ মহলত! আৰক্ষীৰ গেষ্ট হাউছত স্থান পোৱা তাজনুৰৰ স্থান এতিয়া লকআপত

News18 Assam | News18-Assam
Updated:June 7, 2021, 1:49 PM IST
এজন অপৰাধীৰ গ্ৰেপ্তাৰে ব্যাপক কঁপনি তুলিছে অসম আৰক্ষীৰ শীৰ্ষ মহলত! আৰক্ষীৰ গেষ্ট হাউছত স্থান পোৱা তাজনুৰৰ স্থান এতিয়া লকআপত
এবছৰ পূৰ্বে তাজনুৰৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা 7.65MM পিষ্টল। কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল তাজনুৰ হুছেইন ওৰফে ৰাজাই।

এবছৰ পূৰ্বে তাজনুৰৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা 7.65MM পিষ্টল। কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল তাজনুৰ হুছেইন ওৰফে ৰাজাই।

  • Share this:
এজন অপৰাধীৰ গ্ৰেপ্তাৰে ব্যাপক কঁপনি তুলিছে অসম আৰক্ষীৰ শীৰ্ষ মহলত! জানিব পৰা মতে, জুৰীয়া আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নং 256/20 U/S 399/402IPC R/W sec 251(a)Arms Actৰ অধীনত গ্ৰেপ্তাৰ হৈছে তাজনুৰ নামৰ লোকজন। আজিৰ পৰা এবছৰ পূৰ্বে তাজনুৰৰ হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা 7.65MM পিষ্টল। কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল তাজনুৰ হুছেইন ওৰফে ৰাজাই। তাৰ পিছৰে পৰা নগাঁও আৰক্ষীয়ে তাজনুৰক পলাতক আচামী হিচাপে ঘোষণা কৰিছিল।

পিছে নগাঁও আৰক্ষীৰ বাবে পলাতক এইজন আচামী মৰিগাঁও আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰেই মৰিগাঁৱত মুকলিকৈ ঘূৰি ফুৰিছিল। বগা ৰঙৰ মহিন্দ্ৰা এক্স ইউ ভি গাড়ী লৈ মৰিগাঁৱত নিজকে চিআইডি বিষয়া হিচাপে পৰিচয় দিয়া তাজনুৰক মৰিগাঁৱৰ ৰাইজে বহু সময়ত প্ৰত্যক্ষ কৰিছিল আৰক্ষীৰ পোছাকতো। আনকি নিজৰ ফেচবুক একাউণ্টত তাজনুৰে আৰক্ষী গেষ্ট হাউছত জিৰণি লোৱাৰ ফটোও দি নিজকে মৰিগাঁও আৰক্ষীৰ মানুহ বুলি জাহিৰ কৰিছিল।

প্ৰায় ১৫ দিন পূৰ্বে তাজনুৰ পুনৰ ঘূৰি আহে জুৰীয়ালৈ। জুৰীয়াত আহি পুনৰ মাটি দখলৰ বাবে একাংশ লোকক ভাবুকি প্ৰদান কৰোতেই নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) মানস শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰে তাজনুৰক। আৰক্ষীয়ে লগতে জব্দ কৰে তাজনুৰে ব্যৱহাৰ কৰা বগা ৰঙৰ এক্সইউভি বাহনখনো।

এতিয়া প্ৰশ্ন উঠিছে কাৰ আশীৰ্বাদত তাজনুৰে মৰিগাঁৱত অবাধ প্ৰতিপত্তিশীল হৈছিল। তাজনুৰৰ লগত সম্পৰ্ক আছে নেকি কোনো শীৰ্ষ আৰক্ষী বিষয়াৰ? নে ডিএছপি যতীন দাসৰ দৰে আৰু কোনো উচ্চপদস্থ আৰক্ষী বিষয়াও পৰিব জালত!
Published by: Sanjay Kumar Das
First published: June 7, 2021, 1:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি