নগাঁও আৰক্ষীৰ জালত জুৰোডৰ বিস্ফোৰণকাৰী!

আৰক্ষীৰ জালত পৰিল জুৰোডৰ বিস্ফোৰণকাৰী। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইন্দ্ৰমোহন বৰা নামৰ যুৱকজনক ।

news18assam
Updated:May 17, 2019, 8:59 PM IST
নগাঁও আৰক্ষীৰ জালত জুৰোডৰ বিস্ফোৰণকাৰী!
আৰক্ষীৰ জালত পৰিল জুৰোডৰ বিস্ফোৰণকাৰী। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইন্দ্ৰমোহন বৰা নামৰ যুৱকজনক ।
news18assam
Updated: May 17, 2019, 8:59 PM IST
আৰক্ষীৰ জালত পৰিল জুৰোডৰ  বিস্ফোৰণকাৰী। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইন্দ্ৰমোহন বৰা নামৰ যুৱকজনক। ধৃত ইন্দ্ৰমোহনৰ ঘৰ নগাঁও জিলাৰ চলচলি বিৰহী গাঁৱত। গুৱাহাটীৰ জুৰোডত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণত জড়িত আছিল ইন্দ্ৰমণি নামৰ আলফা সদস্যজন।  ইন্দ্ৰমণিক জেৰা আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে জেৰা কৰি আছে অটকাধীন লোকজনক। এই মুহূৰ্তলৈকে আৰক্ষীয়ে প্ৰকাশ কৰা নাই কোনো তথ্য।



আৰক্ষীয়ে ইন্দ্ৰমোহন বৰাৰ পৰা উদ্ধাৰ কৰিছে এখন বাইক। বিস্ফোৰণত ব্যৱহৃত হৈছিল বাইকখন। গ্ৰেণেড নিক্ষেপকাৰী যুৱকজনৰ সৈতে শেষ মুহূৰ্তলৈকে সংযোগত আছিল ইন্দ্ৰমোহনৰ। জানুৱাৰী মাহত আলফা স্বাধীনত যোগদান কৰিছিল ইন্দ্ৰমোহনে। নগাঁৱত সংগঠনৰ সদস্যভৰ্তিৰ দায়িত্বত নিয়োজিত আছিল ইন্দ্ৰমোহন বৰা ।উল্লেখযোগ্য যে  বিস্ফোৰণ কাণ্ডক লৈ এইপৰ্যন্ত ৪জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।



 
আৰু চাওক পৰৱৰ্তী বাতৰি