ৰাজপথত আৰক্ষীৰ ব্যতিক্ৰমী অভিযান, প্ৰত্যক্ষদৰ্শীয়ে ক’লে- ‘দক্ষিণ ভাৰতীয় ছবিৰ বাস্তৱ ৰূপ’

News18 Assam | News18-Assam
Updated:August 2, 2020, 8:26 AM IST
ৰাজপথত আৰক্ষীৰ ব্যতিক্ৰমী অভিযান, প্ৰত্যক্ষদৰ্শীয়ে ক’লে- ‘দক্ষিণ ভাৰতীয় ছবিৰ বাস্তৱ ৰূপ’
নগাঁৱৰ ৰাজপথত দিন-দুপৰতে কি ঘটিল? 

নগাঁৱৰ ৰাজপথত দিন-দুপৰতে কি ঘটিল? 

  • Share this:
দক্ষিণ ভাৰতৰ ছবিৰ আৰ্হিত নগাঁও আৰক্ষীয়ে শণিবাৰে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সফল অভিযান চলালে নগাঁৱত। চহৰখনৰ মাজ-মজিয়াত আৰক্ষীৰ তিনিখন বাহনে খেদি খেদি আগুৰি ধৰিলে এখন ব্ৰীজা বাহনক। তাৰ পিছতে আৰক্ষী বাহিনীয়ে বাহনখনৰ পৰা নমাই আটক কৰিলে তিনি যুৱকক। দিন-দুপৰতে আৰক্ষীৰ এই ৰণচণ্ডী মুৰ্ত্তি দেখি আচৰিত হৈ পৰিল প্ৰত্যক্ষদৰ্শী।

অৱশ্যে কিছু সময় পিছতে গম পোৱা গ'ল যে, আৰক্ষীৰ দলে আটক কৰা যুৱককেইজন ড্ৰাগছ সৰবৰাহত জড়িত। শণিবাৰে দিনৰ প্ৰায় ২ বজাত হয়বৰগাঁও টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে চহৰখনৰ ঢাকাইপট্টিৰ পৰা খেদি খেদি আটক কৰিলে ৩ যুৱকক। আটকাধীন যুৱক কেইজন ঢাকাইপট্টিৰ মিৰ্জা হুছেইন(২৮), ইৰ্ছাদ আলী(৩১) আৰু পানীগাঁও চাৰিআলিৰ প্ৰিয়ম মজুমদাৰ বুলি জানিব পৰা গৈছে।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে বাহনখনৰ পৰা বহু নিচা জাতীয় ঔষধো জব্দ কৰিছে। নগাঁও আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, তিনিওজন যুৱকেই ড্ৰাগছ সৰবৰাহত জড়িত আৰু যুৱককেইজনক বিচাৰি আৰক্ষীয়ে বহুদিন ধৰি অভিযান চলাই আছিল। ইতিমধ্যে অধিক তথ্যৰ সন্ধানত যুৱককেইজনক নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। কিন্তু দিন-দুপৰতে জনচক্ষুৰ সন্মুখত নগাঁও আৰক্ষীয়ে আচম্বিতে চলোৱা এই অভিযানক লৈ চহৰখনত চলিছে ব্যাপক চৰ্চা। অভিযান প্ৰত্যক্ষ কৰা বহুজনৰ মতে, নগাঁও আৰক্ষীয়ে চলোৱা এই অভিযান দক্ষিণ ভাৰতীয় একশ্যন ছবিৰ যেন বাস্তৱ-ৰূপ।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 8:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading