প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামতো উৎকোচ লোৱাৰ অভিযোগ।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামতো উৎকোচ লোৱাৰ অভিযোগ।
আনৰ নামৰ প্ৰৱঞ্চনাৰে বেংকৰ পৰা ঋণ লৈ আৰক্ষীৰ জালত পৰিল গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী। নগাঁও জিলাৰ ৰূপহীহাট উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়ত সমন্বয়ক ছাকিল আহমেদক আজি সন্ধ্যা গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে।
জানিব পৰা মতে, দীৰ্ঘদিনে ছাকিল আহমেদে বিভিন্ন লোকৰ নামত ভুৱা নথিৰে বেংকৰ পৰা ঋণ সৰকোৱাৰ অভিযোগ উত্থাপিত হৈছিল। জীউমাৰী গাঁও পঞ্চায়তৰ জিপিচি অৰ্থাৎ গাঁও পঞ্চায়ত সমন্বয়ক হিচাপে কৰ্মৰত ছাকিল আহমেদে প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ গৃহ প্ৰদানৰ নামতো উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছিল।
ইতিমধ্যে নগাঁৱৰ ইটাচালী টাউন আৰক্ষীয়ে ছাকিল আহমেদক জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, আজিৰ পৰা ৭মাহ পূৰ্বে ছাকিল আহমেদক কাৰ্বি আংলং জিলালৈ বদলি কৰা হৈছিল যদিও গ্ৰামোন্নয়ন বিভাগৰ একাংশ উচ্চপদস্থ বিষয়াৰ ঘণিষ্ঠ হোৱাৰ বাবেই বদলিৰ নিৰ্দেশ স্থগিত কৰিবলৈ সক্ষম হৈছিল বুলিও জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|