কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্মচাৰীৰ নেতৃত্বতে নগাঁৱত চলি আছে IPLৰ ৰমৰমীয়া জুৱা। নগাঁৱৰ কাটিমাৰী গ্ৰাণ্টত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে IPLৰ জুৱাৰ এটা বৃহৎ চক্ৰক।
নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কাটিমাৰী গ্ৰাণ্টত উৎখাত কৰিবলৈ সক্ষম হৈছে IPLৰ নামত জুৱা চলোৱা এই চক্ৰটোক।
নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত ৰফিকুল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে আব্দুল ৰহমানৰ সহযোগত চলাই আছিল এই জুৱা। আৰক্ষীয়ে অভিযান চলাই নগদ ২লাখ টকা, এটা লেপটপ আৰু কেইবাখনো বেংক পাছবুক জব্দ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে ৰফিকুল ইছলাম, আব্দুল ৰহমান, ইমৰাণ হুছেইন, আছাৰুল ইছলাম, নজৰুল ইছলাম আৰু নজৰুল ইছলাম। উল্লেখযোগ্য যে, বহু বেংক একাউণ্টৰ মাধ্যমৰে IPLৰ জুৱাত বাজী লগাই প্ৰতিদিনেই বহুলক্ষাধিক টকা সৰকাইছিল এই চক্ৰটোৱে। ইতিমধ্যে অধিক তথ্যৰ সন্ধানত নগাঁও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|