
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। এইবাৰ নগাঁৱৰ ধিং গেটৰ ড্ৰাগছৰ মূল ব্যৱসায়ীজনকে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী। শুকুৰবাৰে বিয়লি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানত জালত পেলাবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক।
ধিং গেটৰ লগতে বিভিন্ন প্ৰান্তলৈ ড্ৰাগছৰ যোগান ধৰা বিকি সূত্ৰধাৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। বিকি সূত্ৰধৰৰ বাসগৃহত অভিযান চলাই আৰক্ষীৰ দলটোয় চিলিণ্ডাৰসহ বহু অপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা সামগ্ৰীসমূহ চুৰি বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰী বিকি সূত্ৰধৰ আৰক্ষীৰ কবলৰ পৰা কেইবাবাৰো পলায়নৰ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাই। সম্প্ৰতি অধিক তথ্যৰ বাবে হয়বৰগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী বিকি সূত্ৰধাৰক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|