নগাঁও চহৰৰ অলিয়ে-গলিয়ে কেৱল এতিয়া ড্ৰাগছৰ বেহা। নগাঁও আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ সমগ্ৰ নগাঁও জিলাতে গঢ়ি উঠিছে ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক। প্ৰতিদিনে নগাঁৱৰ যুৱপ্ৰজন্ম তিল তিলকৈ ধ্বংসৰ মুখলৈ গতি কৰিছে। বহু পৰিয়াললৈ নামি আহিছে কাল অমানিশা। চহৰখনৰ ভূঁঞাপট্টি, বৰভেটি, চিলঙনি, কাঠমিল চাৰিআলি, মৰিকলং আদি অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা। আৰক্ষীয়ে প্ৰতিদিনেই অভিযান চলাই লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে যদিও বন্ধ কৰিব পৰা নাই ড্ৰাগছৰ বেহা।
শুকুৰবাৰে নগাঁৱৰ চিলঙনি আমতলত আৰক্ষীয়ে অভিযান চলাই ব্ৰাউন ছুগাৰ আৰু নগদ ২ লাখ টকা সহ গ্ৰেপ্তাৰ কৰিছে আব্দুল হাই নামৰ এটা ড্ৰাগছ মাফিয়াক। জানিব পৰা মতে, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চিলঙনী আমতলত ব্ৰাউন ছুগাৰ বিক্ৰী কৰিবলৈ ৰৈ থকা আব্দুল হাইক প্ৰত্যক্ষ কৰে। আৰক্ষীৰ দলক দেখা পাই আব্দুল হাইয়ে ড্ৰাগছ আৰু টকাৰ বেগ ধাননি পথাৰলৈ দলিয়াই পলায়ণৰ চেষ্টা কৰে। আৰক্ষীৰ অভিযানকাৰী দলে খেদি খেদি আব্দুল হাইক গ্ৰেপ্তাৰ কৰে। পিছত আৰক্ষীৰ দলে ধাননি পথাৰৰ পৰা প্ৰায় ২ লাখ টকা উদ্ধাৰ কৰাৰ লগতে কিছু পৰিমাণৰ ব্ৰাউন ছুগাৰো জব্দ কৰে। উল্লেখযোগ্য যে, আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বে আব্দুল হাইয়ে ২ লাখ ৪১ হাজাৰ টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ স্বীকাৰোক্তি প্ৰদান কৰিছে অভিযানকাৰীদলক। আনহাতে ধাননি পথাৰত টকা বিচাৰি আৰক্ষীয়ে বোকাত নামি চলোৱা অভিযান চাবলৈ সেই ঠাইত বহুলোকে ভিৰ কৰা পৰিলক্ষিত হয়।
জানিব পৰা মতে, আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াৰ এতিয়া প্ৰথম পছন্দ হৈ পৰিছে নগাঁও। নগাঁৱৰ বহু জুপুৰী ঘৰত দিনে-নিশাই চলি আছে কোটি টকাৰ ড্ৰাগছৰ বেহা। ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ পৰিছে চহৰখনৰ বিভিন্ন অঞ্চলত অবৈধ বেদখল কৰি জীৱন নিৰ্বাহ কৰা একাংশ সন্দেহযুক্ত নাগৰিক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|