নগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।
নগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান।
নগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ এগৰাকী নিম্নবৰ্গৰ সহায়কক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীৰ এটা দলে অসামৰিক পোছাকত গৈ খুচবু হৰলালকা নামৰ মহিলা কৰ্মচাৰী গৰাকীক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, জিপিএফৰ ধন উলিয়াবলৈ যোৱা নবীন বৰা নামৰ এগৰাকী আৰক্ষী কণিষ্টবলৰ পৰা এক হাজাৰ টকা উৎকোচ বিচাৰিছিল খুচবুৱে। এই বিষয়ে নবীন বৰাই নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক অৱগত কৰাত তেওঁ অতি কৌশলৰে খুচবুক জালত পেলায়। খুচবুৱে উৎকোচ লোৱাৰ সমগ্ৰ দৃশ্যাংশ গোপন কেমেৰাত আৱদ্ধ কৰে। তাৰ পিছতে অসামৰিক পোছাকত যোৱা মহিলা আৰক্ষীৰ দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে খুচবুক।
উল্লেখযোগ্য যে, ৰাজ্যৰ কোষাগাৰ সমূহৰ কৰ্মচাৰীয়ে বিভিন্ন সময়ত চৰকাৰী কৰ্মচাৰী অথবা ঠিকাদাৰক উৎকোচ বিচৰাৰ অভিযোগ প্ৰায়ে উত্থাপিত হৈ আহিছে। ইয়াৰ পূৰ্বেও উৎকোচ লৈ হাতে-লোটে কোষাগাৰৰ কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে। একেদৰে নগাঁও জিলা কোষাগাৰ প্ৰাধিকৰণৰ বিৰুদ্ধেও প্ৰায়েই দূৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|