নগাঁও জিলাৰ ধিঙত আনন্দ মিশ্ৰ বাহিনীৰ বৃহৎ সাফল্য ৷ ধিঙৰ ডুমডুমীয়াত আৰক্ষীয়ে অভিযান চলাই ৩৬টাকৈ চোৰাং গৰুসহ আটক কৰে ২১ জনকৈ চোৰাং গৰু ব্যৱসায়ীক ৷ উজনি অসমৰ পৰা গৰুকেইটা আনি তেজপুৰত ৰখাই নিশাৰ ভাগত ভুটভুটিৰে ব্ৰহ্মপুত্ৰ পাৰ কৰি ডুমডুমীয়াৰ পৰা বাংলাদেশলৈ চালাম দিয়াৰ চেষ্টা কৰোতেই আৰক্ষীৰ জালত পৰে চোৰাং ব্যৱসায়কেইটা।
উল্লেখ্য যে, চৰৰ একাংশ মাতাব্বৰৰ নেতৃত্বত বিশাল নেটৱৰ্ক গঢ়ি তোলা চোৰাং গৰু ব্যৱসায়ীৰ চক্ৰটোৱে নদী পথেৰে বিভিন্ন কৌশলেৰে উজনি অসমৰ পৰা গৰু বাংলাদেশলৈ চালান দি আহিছে।
চৰাঞ্চলৰ মাতাব্বৰৰ সহায়ত চোৰাং ব্যৱসায়ীসকলে স্থানীয় তথা উজনি অসমৰ গৰু চোৰাং পথেৰে দীৰ্ঘদিন ধৰি বাংলাদেশলৈ পঠিওৱাৰ এক ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ খবৰ নগাঁও আৰক্ষীয়ে লাভ কৰিছিল ৷ উক্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৯ খন গাড়ী ভৰ্তি ৩৬ টাকৈ চোৰাং গৰুসহ আটক কৰে চোৰাং গৰু ব্যৱসায়ীৰ দলটোক ৷
চোৰাং গৰু ব্যৱসায়ৰ বিশাল নেটৱৰ্ক গঢ়ি তোলা বাকী সদস্যসকলকো আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|