নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিভিন্ন মঠ-মন্দিৰত চুৰি কাৰ্যৰে ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰা দুই গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী। নগাঁও চহৰৰ চাৰিখুঁটিত আৰক্ষীয়ে মন্দিৰৰ চুৰি সামগ্ৰীসহ দুই গভাইত চোৰক আটক কৰিছে।
নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মৰিকলঙৰ চাৰিখুঁটিত অভিযান চলাই মন্দিৰৰ চুৰি সামগ্ৰীসহ আব্দুল মন্নাছ নামৰ এটা গভাইত চোৰক আটক কৰিছে।
আৰক্ষীয়ে চুৰি কাৰ্যত জড়িত হীনা বেগম নামৰ এগৰাকী মহিলাকো আটক কৰিছে। জানিব পৰা মতে, হীনাৰ ঘৰৰ বিছনাৰ তলত মন্দিৰৰ চুৰি সামগ্ৰীসমূহ লুকুৱাই থোৱা আছিল। আৰক্ষীয়ে হীনাৰ ঘৰৰ পৰা মন্দিৰৰ বহু কাঁহ-পিতলৰ বাচন, মন্দিৰৰ শৰাই আদি উদ্ধাৰ কৰিছে।
ইপিনে আৰক্ষীয়ে এই সামগ্ৰীসমূহৰ লগতে পানীৰ মেচিন আৰু কপাৰৰ তাঁৰো উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বেও দুয়ো চুৰি কাৰ্যত জড়িত হৈ জে'ললৈ গৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|