মুখ্যপৃষ্ঠা »খবৰ »অসম »'মৃদুপৱন নেওগ হৈছে এটা খজুৱতিৰ নিচিনা বস্তু, একেবাৰে বিশ্বাস নকৰিব'-কিয় ক'লে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

'মৃদুপৱন নেওগ হৈছে এটা খজুৱতিৰ নিচিনা বস্তু, একেবাৰে বিশ্বাস নকৰিব'-কিয় ক'লে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

মৃদুপৱন নেওগক প্ৰশ্ৰয় দিয়াৰ সন্দেহত শিৱসাগৰৰ আমগুৰিৰ পৰা ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ নামৰ দুই যুৱকক নগাঁও আৰক্ষীয়ে আটক কৰিছে।

মৃদুপৱন নেওগক প্ৰশ্ৰয় দিয়াৰ সন্দেহত শিৱসাগৰৰ আমগুৰিৰ পৰা ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ নামৰ দুই যুৱকক নগাঁও আৰক্ষীয়ে আটক কৰিছে।

  • Share this:
সামাজিক মাধ্যমত নিজকে নিৰ্দোষী বুলি জাহিৰ কৰা মৃদুপৱন নেওগক গ্ৰেপ্তাৰৰ বাবে নগাঁও আৰক্ষীয়ে চেষ্টা চলাই আছৰ বুলি আজি নগাঁও সদৰ আৰক্ষী থানাত মন্তব্য কৰিলে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

মৃদুপৱন নেওগক প্ৰশ্ৰয় দিয়াৰ সন্দেহত শিৱসাগৰৰ আমগুৰিৰ পৰা ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ নামৰ দুই যুৱকক নগাঁও আৰক্ষীয়ে আটক কৰিছে। আটকাধীন যুৱক দুগৰাকীক জেৰা চলাবলৈ অহা আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয়, "মৃদুপৱন নেওগ হৈছে খজুৱতিৰ অন্য এটা নাম। মৃদুপৱন নেওগৰ কথা বিশ্বাস নকৰিব।"

আনহাতে এনকাউণ্টাৰৰ ভয়ত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন নাইকৰা বুলি মৃদুপৱনে কৰা মন্তব্য সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, "আৰক্ষীক যদি বিশ্বাস নকৰে তেনেহ'লে মহামান্য আদালতত তেওঁ কিয় আত্মসমৰ্পন কৰা নাই। মৃদুপৱন নেওগ হৈছে এটা মিছলীয়া।" ভিপিএনৰ জৰিয়তে নিজৰ পৰিচয় লুকুৱাই তেওঁ সংবাদমাধ্যমত মন্তব্য দিয়ে বুলি মন্তব্য কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, "তেওঁৰ বিৰুদ্ধে বহু ধাৰাত গোচৰ ৰুজু হৈ আছে। যদি তেওঁ নিৰ্দোষী হ'ল হয় তেন্তে আত্মসমৰ্পন কৰি আৰক্ষীক তদন্তত সহযোগ কৰিলে হয়।"

উল্লেখযোগ্য যে, মৃদুপৱন নেওগৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ২৩২৮/২১ নম্বৰ গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙক দায়িত্ব দিছিল নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে।

শেহতীয়া বাতৰি