ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অসম আৰক্ষীৰ নতুন অস্ত্ৰ, এতিয়াৰে পৰা অসম আৰক্ষীৰ অস্ত্ৰ হ'ব PITNDPS

News18 Assam | News18-Assam
Updated:September 14, 2020, 7:44 PM IST
ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অসম আৰক্ষীৰ নতুন অস্ত্ৰ, এতিয়াৰে পৰা অসম আৰক্ষীৰ অস্ত্ৰ হ'ব PITNDPS
উত্তৰ-পূব ভাৰতৰ ড্ৰাগছৰ ক'লা সাম্ৰাজ্যত নগাঁও অতি গুৰুত্বপূৰ্ণ। কাৰণ ড্ৰাগছৰ মূল ঘাটি ডিমাপুৰৰ পৰা প্ৰথম নগাঁৱলৈ ড্ৰাগছ সৰবৰাহ হয় আৰু নগাঁৱৰ পৰা গুৱাহাটীলৈ চালান দিয়া হয়।

উত্তৰ-পূব ভাৰতৰ ড্ৰাগছৰ ক'লা সাম্ৰাজ্যত নগাঁও অতি গুৰুত্বপূৰ্ণ। কাৰণ ড্ৰাগছৰ মূল ঘাটি ডিমাপুৰৰ পৰা প্ৰথম নগাঁৱলৈ ড্ৰাগছ সৰবৰাহ হয় আৰু নগাঁৱৰ পৰা গুৱাহাটীলৈ চালান দিয়া হয়।

  • News18 Assam
  • Last Updated: September 14, 2020, 7:44 PM IST
  • Share this:
যুৱ প্ৰজন্মৰ বাবে ভাবুকিস্বৰূপ হৈ পৰা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱা, ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা আদি আমাৰ বাবে পৰিচিত দৃশ্য। অসমৰ প্ৰতিখন জিলাতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে নিতৌ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু কুখ্যাত ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ কৰিছে। কিন্তু আৰক্ষীয়ে যথেষ্ট কঠোৰভাৱে ব্যৱস্থা লোৱাৰ পিছতো এই ব্যৱসায় সমগ্ৰ অসমত বাঢ়ি গৈ আছে। কাৰণ ড্ৰাগছৰ গোচৰত আটক হোৱা আচামীয়ে অতি সহজতে জামিন লাভ কৰি পুনৰ এই কুকাৰ্যত নিয়োজিত হয়। সহজে ধন ঘটাৰ আশাত নিতৌ এই ব্যৱসায়ৰ লগত জড়িত লোকৰ সংখ্যা বৃদ্ধি হৈয়ে গৈ আছে। সেয়ে ড্ৰাগছৰ ঘাটি হিচাপে পৰিচিত নগাঁৱত আৰক্ষীয়ে প্ৰয়োগ কৰিছে এখন কঠোৰ আইন।

PITNDPS Act ৰ জৰিয়তে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব ড্ৰাগছৰ ব্যৱসায় :

PITNDPS মানে Prevention Of Illicit Traffic in Narcotic Drugs and Psychotropic Substances Act. ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈকে ১৯৮৮ চনতে দেশত এই আইন প্ৰযোজ্য কৰা হৈছিল। এই আইনখনৰ প্ৰয়োগ অসমত হোৱাৰ উদাহৰণ তেনেই নগন্য। কিন্তু শেহতীয়াভাৱে নগাঁও আৰক্ষী অধীক্ষক তথা আইপিএছ বিষয়া অভিজিৎ গৌৰৱে এই আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে আনোৱাৰা বেগম নামৰ এগৰাকী মহিলাক।

এই মহিলাগৰাকীয়ে নগাঁৱত চলোৱা ড্ৰাগছৰ ব্যৱসায়ৰ বাবেই বহুবাৰ আৰক্ষীৰ জালত পৰিছিল যদিও অতি সহজতে জামিন লাভ কৰি পুনৰ এই ব্যৱসায়ত নিয়োজিত হৈছিল। কিন্তু এই আইনৰ আওতাত গ্ৰেপ্তাৰ হোৱাৰ লগে লগে অন্তত দুবছৰলৈ কাৰাগাৰত থাকিব লাগিব এইগৰাকী মহিলা।

কিয় নগাঁও আৰক্ষীয়ে আশ্ৰয় ল'লে এই আইনৰ?

উত্তৰ-পূব ভাৰতৰ ড্ৰাগছৰ ক'লা সাম্ৰাজ্যত নগাঁও অতি গুৰুত্বপূৰ্ণ। কাৰণ ড্ৰাগছৰ মূল ঘাটি ডিমাপুৰৰ পৰা প্ৰথম নগাঁৱলৈ ড্ৰাগছ সৰবৰাহ হয় আৰু নগাঁৱৰ পৰা গুৱাহাটীলৈ চালান দিয়া হয়। বিগত সময়ছোৱাত নগাঁও আৰক্ষীয়ে কেইবাকোটি টকাৰ ব্ৰাউন ছুগাৰ, কোকেইন, নিচাজাতীয় টেবলেট, কফ চিৰাপ আদি জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে বহু দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াক। সংঘটিত হৈছে আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত মুখামুখি সংঘৰ্ষ। সেয়ে নগাঁও আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে প্ৰয়োগ কৰিছে এই নতুন অস্ত্ৰ। নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ মতে ইয়াৰ দ্বাৰা ধ্বংস হ'ব ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক।
Published by: Sanjay Kumar Das
First published: September 14, 2020, 7:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading